পৃষ্ঠা:সুৰভি.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

ছোৱালীৰ নামকে নোলাল, অকল নিস্তাৰিণীৰহে নামটো ওলাল। এই বাতৰি পিতাদেৱৰ কাণত পৰিলত তেওঁব মূৰত আকাশী-চৰগ ভাগি পৰিল। লোকৰ দোষ খুচৰি ফুৰা তেওঁব, লোকৰ ওপৰত কথায় কথায় বৰমতা ওলোৱা তেওঁৰ গৰ্ব্বটো গোটেই গাঁৱৰ মানুহে ধৰি খৰ্ব্ব কৰি পেলালে। তেওঁৰ জাত গ'ল বুলি তেওঁক এঘৰীয়া কৰিবলৈ সকলোৱে ভয় দেখুৱালে। লাজ অপমান আৰু খঙত তেওঁ মৰ্মান্তিক হৈ সোণব সোলেং যেন সাত বছৰ বয়সীয়া জীয়েকক, যতে মৰে ততে মৰকগৈ বুলি ঘৰৰ পৰা উলিয়াই দিলে। আই কান্দি-কাটি বিবুধি হ'ল। পিতাদেৱৰ মূৰ্ত্তি দেখি চুৰ্ত্তি হেৰাই কি কৰিম ক'লৈ যাম ক'ত লুকাম ভাবি মই বিবুধি হলোঁ। মই আশ্ৰয় বিচাৰি চিনাকি মানুহৰ যাৰে ঘৰলৈ গলো, সিয়েই মোক ছেই ছেই কৰি খেদাই দিলে। অন্তত মই বিবুধি হৈ লাহে লাহে সেই মছলমান ঘৰত ওলালোঁগৈ। সিহঁতে মোৰ সকলো কথা শুনি মোক আতৌ-পুতৌ কৰি সিহঁতৰ ঘৰতে ৰাখিলে; ময়ো কি কৰিম একোকে ভাবি নেপাই তাতে থাকিলোঁ। নেদেখাজনৰ ইচ্ছাত অমুকা বামুণৰ জীয়েক নিৰাশ্ৰয়া নিস্তাৰিণী নৰু মিঞা মছলমানৰ ঘৰত আশ্ৰয় পাই মছলমান হল।

 লাহে লাহে মই নৰুমিঞাৰ জীয়েকৰ পদ পালো! বিপদৰ কালত নৰু মিঞা মিঞানীয়ে মোক সাবতি ধৰিলে, মোবো ছোৱালী মন সকলো দুখ বেজাৰ পাহৰি নতুন অৱস্থাৰে সৈতে মই মিলি গলোঁ। বোপাইৰ মনত পায়স-ফেটীসাপে মোক খুটি মাৰিলে, আইয়েও বোপাই আৰু লোকৰ ভয়ত মোৰ বিষয়ে সেই দৰেই কিছুমান দূব ভাবিবলৈ বাধ্য হ'ল। কিন্তু মাকৰ মন বৰ ডাঙৰ বস্তু হজুৰ, ৰাইজব ভয়েও সদাই তাক ভৰিৰ তলত ৰাখিব নোৱাৰে। আইয়ে লুকাই-চুৰকৈ জীয়েকলৈ টোপোলাটো বস্তুখন বেহানিখন নপঠিওৱাকৈ আৰু জীয়েকৰ বাতৰি নোলোৱাকৈ থাকিব নোৱাৰিছিল, কাৰণ পিতাদেৱে কৈছিল যে, মোক তেওঁ দেখিলে ছোৱা-ছোৱাকৈ কাটিব। ক'বলৈ পাহৰিছোঁ, মই নৰুমিঞাৰ ঘৰত থকাৰ এবছৰৰ পিছত মোক মছলমান কৰি ফাতেমা বিবী নাম দিয়া হ'ল। মোৰ পোন্ধৰ বছৰ বয়সত মিঞা মিঞানীয়ে মোক এজন মছলমান ডেকা ল'ৰাৰে বিয়া দিলে। তেওঁব ফালব পৰা মোব এটা ল'ৰা আৰু এজনী ছোৱালী হৈছিল। তিনি চাৰি মাহ মান হৈছে মাউৰত পৰি মোৰ গিৰিহঁত আৰু ল'ৰা-ছোৱালী দুটি মৰিল। তেওঁ ডাক ঘৰত হৰকৰাৰ কাম কৰিছিল, আৰু একো ধন-বিত ৰাখি থৈ যাব নোৱাৰিলে। মই চাৰিমহীয়া গা-ভাৰী মানুহ। মোৰ খাবলৈ