পৃষ্ঠা:সুৰভি.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

 দুখীয়া ৰামগোলাম দপ্তৰীয়ে অলপ "কচুৰতে" পাঁচ টকা জৰিমনা ভৰি, দুখৰ ভাব মনত লৈ ঘৰ পাই, ঘৈণীয়েকে তিনি বছৰৰ আগেয়ে কৰা পুৰণি জগৰ এটা সুঁৱৰি, তাৰ বাবে তাইক এখুন্দা দি চতাই বেহেৰাৰ ঘৰ ওলালগৈ। চতায়ে ছমাহৰ আগেয়ে ৰামগোলামৰ পৰা টকাত চাৰি পইচা বাঢ়িত ছটকা ৰূপ ধাৰে নিছিল। ৰামগোলামে তাৰ ককাঁলৰ গাঁঠিত কম পৰা ৰূপ ছটকা ছপাই আনিবলৈ গৈছিল। "এতিয়া মোৰ হাতত ৰূপ নাই, দিব নোৱাৰো, পিচত দিম" বুলি চতায়ে কোৱাত, কমাৰৰ হাতুৰিৰ মুখৰ পৰা ফিৰিঙতি ওফৰাদি ৰামগোলামৰ খঙৰ ফিৰিঙতি উফৰি যাবলৈ ধৰিলে। ক্ষন্তেকতে দুয়ো গলিয়াগলি আৰু তাৰ পিচত হতাহতি লগালে। তাৰ পিচত, বেহেৰাৰ ঘৈণীয়েক বেহেৰাণীৰে বাঢ়নি হাতত লৈ সেই ভাৱনাত প্ৰবেশ কৰি ৰামগোলামক খুঁচি দিলত বেহেৰা চতায়ে ঘৈণীয়েকৰ সোঁশৰীৰে সম্পূৰ্ণ সহানুভূতি আৰু সহায় লভি পৰম উৎসাহিত হৈ বপুৰা ৰামগোলামক গতাৰে সোধ-পোছ কৰি আগবঢ়াই থৈ আহি সেই ক্ষুদ্ৰ অথচ গপ্গপীয়া ভাবনাৰ ওৰ পেলালে। ৰামগোলামে কিন্তু চতাই-চতায়নীৰ নামে পিছদিনা কছাৰীত "মাৰপিটৰ" গোচৰ নকৰাকৈ নেৰিলে। এইখিনিতে ক'বলৈ পাহৰিছোঁ যে, চাতাই-চতায়ণীয়ে ৰামগোলামক মাৰ-ধৰ কৰাত "কি অন্যায় কথা, চতাই কাই! তহঁতে মানুহটোক কিয় অনাহকতে মাৰিছহঁক” বুলি ওচৰ চুবুৰীয়া পিথু শ‍ইকীয়াই মাত লগোৱাত, চতায়ণীয়ে পিথুক তাৰ সাতপুৰুষ উকতি গালি পাৰি দিলে, আৰু তাৰ ফলস্বৰূপে পিথুৰ মাকৰ মাহীয়েকৰ মোমায়েকৰ জীয়েকক চতাইৰ পুতেকৰে সৈতে বিয়া দিবলৈ খোজা বঢ়া বিয়াখন ভাগি থাকিল।

 বিদ্যাৰাম উকিলৰ কীৰ্তি ফেৰাও এইখিনিতে কৈ, এই বেগেতীয়া সাধুৰ ওৰ পেলাব খোজোঁ। তেওঁ বিয়া কৰোৱা ছোৱালীৰ, পোন্ধৰ দিনৰ আগেয়ে নোৱাই-তোলনি বিয়া হৈ গৈছিল। মনত বেজাইৰে তেওঁ সেইদিনা ঘৰলৈ আহি শহৰেকলৈ ৰাতিয়েই চিঠি লিখি পঠিয়ালে যে “মোৰ মক্কেলৰ কথা মতে মই অমুকা শহৰেকলৈ এই জাননী দি জনালোঁ যে, অহা সপ্তাহৰ ভিতৰতে দিন বাৰ চাই তেওঁৰ জীয়েকক মোৰ মক্কেলৰ সৈতে শান্তি দিব লাগিব, নতুবা মোৰ মক্কেলে সেই ছোৱালীৰ স্বত্ব পৰিত্যাগ কৰিব আৰু শহৰেকৰ নামে দেৱানী কাৰ্য্যবিধি আইনমতে ক্ষতিপূৰণৰ দাবী কৰি গোচৰ কৰিব।” শহু