পৃষ্ঠা:সুৰভি.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)

মাত্ৰ পলম হোৱাত, আৰু তাৰ পিচত ধঁপাত এচিলিম লগাই দিবলৈকো তেনে হোৱাত, লগুৱা ল'ৰাটোক ঠলামূৰীয়াই দিল। অন্যায় দেখি, আৰু গিৰিয়েকৰ সেইদিনাৰ মানসিক অৱস্থাৰ বিষয়ে একো সম্ভেদ নেজানি, পেচকাৰণীয়ে লগুৱাটোৰ হৈ একেষাৰ মতাত, পেচকাৰে পেচকাৰণীৰে সৈতে ঢেঁকী থোৰা এটাৰ নতুন বিধৰ চিনাকি কৰি দিব খোজোঁতেই টেঙৰী পেচকাৰণীয়ে লৰ মাৰি কলাবাৰীত সোমাই নিজৰ প্ৰাণ আৰু নীতি-শাস্ত্ৰৰ মান ৰক্ষা কৰিলে। কিন্তু অৰসিক লগুৱাটোৱে পেচকাৰ ডাঙ্গৰীয়াৰ লপা-থপা কিলকেইটাক গুৰুলা গুৰুল কিলৰ শাৰীত তেতিয়াই নিজৰ লামলকটু কেইডাল লৈ পেচকাৰক ঘৰতে এৰি থৈ গুচি গল; লাভৰ ভিতৰত লগুৱাৰ অভাৱত পেচকাৰণীয়ে এমাহলৈ চুৱা ধূব লগীয়াত পৰিল; আৰু পেচকাৰে স্বহস্তে তিয়ণী চেপা, ধঁপাত লগোৱা আদি কাম নথিৰে সৈতে সমানে পেচ কৰিবলগীয়া হ'ল।


 ফাৰ্চাচিং কনিষ্টবলে সচাঁসঁচিকৈয়ে "চচপেণ্ড" হৈ ছাপৰাচ পাগুৰি শোধাই নি মনৰ দুখত মদৰ দোকানত সোমাই টেটুলৈকে এটেটুকৈ মদ খাই মতলীয়া হৈ তাতে আৰু এটা মতলীয়া মানুহেৰে সৈতে প্ৰথমতে কোলাকুলি দ্বিতীয়তে গলিয়াগলি তাৰ পিচত মৰামৰি আৰু শেহত মূৰ ফলাফল্ কৰি আস্পতাল পালেগৈ আৰু দণ্ডবিধি আইনৰ ৩৫২ ধাৰা মতে তাৰ ওপৰত গোচৰ "ৰিজু" হ'ল।

 তুৱাই তৰণিৰ ছোৱা শুনিলে গাৰ তৰণি হেৰাবৰ কথা। ৰাজআলিত বাটৰুৱা মানুহৰ আগত ওপৰত কৈ অহাৰ দৰে তেওঁ অপমান আৰু লাজ পাই ক্ৰোধত জৰ্জৰিত হৈ মুনচুপ ডাঙ্গৰীয়াৰ নামে হুৰমতৰ দাবীৰে গোচৰ কৰিবলৈ বাৰে-বঙ্গলুৱা ভাষাত আৰ্জি এখন লিখি লৈ তেওঁৰ গৰাকী উকিল ত্ৰাহিৰাম শৰ্মাক দেখুৱালে। ঘটনা গুৰুতৰৰ ফালে অহা দেখি উকিলে তুৱাইক তপত-চেঁচা অনেক বিধৰ কথাবে সেকি-পুটকি শান্ত কৰি কোনো মতেহে সেই আৰ্জিখন দাখিল নকৰাকৈ ৰাখিলে। কিন্তু, ককাঁলৰ কোব নেপাহৰা সাপৰ দবে তুৱায়ে সেই অপমানৰ কোব নেপাহৰি, দুদিনৰ পিচতে ধৰ্মাৱতাৰ হাকিমৰ গাত ভেটি-খোৱা অপবাদ দি, চীফকমিচনৰ চাহাবলৈ বেনামীকৈ চিঠি এখন লিখি পঠিয়াই অঁতাইহে কোনোমতে চেঁচা পৰিল।