পৃষ্ঠা:সুৰভি.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮)

দেখিম। বোলোঁ দেখিম, দেখিম, দেখিম! বোৱাৰীয়েকহঁতে এগাল ৰান্ধি ভৰিৰে গৰাই দিলে তেতিয়া সকলোৱে হেঁপাহ পলুৱাই খাব।"

 হাকিম।—“কি কলি পাষণ্ডী! পাপিষ্ঠী তোৰ ইমান মুখ বাঢ়ি গৈছে!” এই বুলি ডিম্বধৰ বৰুৱা মুনচুপ ডাঙ্গৰীয়া হাকিমে কাঁহীৰ ভাত কাঁহীতে এৰি, চুৱা হাতেৰেই ঘৈণীয়েক মুনচুপনী হাকিমনীক ভালকৈ এখুন্দা দিবলৈ গোণা মহে চোঁচা লোৱাদি চোঁচা ল'লে। পাতেক শূলধৰ তৌজিনবিচ ডেকাবৰুৱায়ো বাপেকৰ ওচৰতে বহি, পেট নামে, ভূ ভাৰতত জনম লোৱা সেই নিজা ছালৰ মোনাত একান্তমনে গৰাহে গৰাহে ভাত খাজি আছিল। কিন্তু কথা বিসঙ্গতি হ'ল যেন দেখি তেওঁ একেচাবেই উঠি বাপেকৰ ভৰিত সাবট মাৰি ধৰিলে; আৰু ডাঙ্গৰীয়াৰো মস্তি-চৰা মখনা হাতীয়ে উচাল মাৰি ভৰিব বান্দা চিঙ্গাদি পুতেকৰ সেই হাতৰ বান্ধ চিঙ্গি যাব খোজোঁতেই মাটিত গুৰি-কঁঠালটো পৰাদি হামকুৰিখাই পৰিল; আৰু তাৰ ফলস্বৰূপে তেওৰ মুখৰ চিক্‌চিকীয়া আগদাঁত এটা চিৰকাললৈ ভাগি থাকিল! তাৰ উপৰিও ঘিঁউ চেনি ভিতৰলৈ সুমুৱা আৰু তিতা মাত বাহিৰলৈ উলিওৱা তেওঁৰ বহুমূলীয়া ওঁঠখন কাটি তাৰপৰা বোম্বানলে তেজ ববলৈ ধৰিলে। ডাঙ্গৰীয়া মূচকছ গ'ল! ক্ষন্তেকতে ঘটনাটো গৈ গুৰুতৰ হ'ল দেখি চাৰিওফালৰ পৰা লগুৱা-লিকচৌ টেকেলা-বেঙেনা য'ত যি আছিল আটাইবোৰ লৰি আহি ডাঙ্গৰীয়াক তুলি ধৰি বহুৱাই তেওঁৰ মূৰত তেল পানী দি বিছিবলৈ লাগি গ'ল। ডাঙ্গৰীয়ানীয়েও কি কৰোঁতে কি হ'ল দেখি, আখাৰ আৰু খঙ্গৰ আঙঠাবোৰত হুৰহপৰকৰে পানী ঢালি দি, “অ, মোৰ ভৈয়াইৰ কি হ'ল ঔ! মোৰ ভৈয়াইক হাততে হেৰুৱালোঁ নে কি ঔ!” বুলি ৰাউচি মাৰি দি উধাতুখাই লৰি আহিল।

 কিছুমান বেলিৰ মূৰত ডাঙ্গৰীয়া সুস্থ হ'ল। ঘৰত মুনচুপ ডাঙ্গৰীয়া আৰু বনত দাঁত ভগা ফেটীসাপ এই দুইৰো মাজত কি কি বিষয়ত মিল আৰু কি কি বিষয়ত অমিল, সেই কথাৰ বিচাৰ কৰিবলৈ ভাঙ্গৰীয়াই শত্ৰুক সুবিধা দি, লাহে লাহে চেচাঁ পানীৰে নিজৰ মুখ ধুই, ভগা দাঁতৰ গুৰিৰ আৰু কটা ওঁঠৰ আগৰ তেজ ৰখাই কছাৰীলৈ যাবলৈ ওলাল। ওলাল মানে গলেই বুলিব লাগে; কাৰণ, বেলি দুপৰীয়া হৈ গৈছিল দেখি খৰধৰকৈ তেওঁ যাবলৈ বাধ্য হৈছিল, মাথোন বাটত হঠাৎ ডাঙ্গৰীয়াৰ আগত পৰি