পৃষ্ঠা:সুৰভি.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফিৰিঙ্গতিৰ পৰা খাণ্ডৱ দাহ


 “আইটী শয়নি অ! মাৰক ক, আজি আঞ্জাত লোণ দিবলৈ পাহৰিলে। ভাত এগাল খাবলৈ আহিলে সদাই এনেবিলাক আহুকাল। ক, সানি খাবলৈকে অলপ লোণ লৈ আহিলে ভাল।” হাকিম ডিম্বধৰ বৰুৱা মুনচুপে পুৱা দহ বজাত ভাতৰ পাতত বহি এগৰাহ ভাত মুখত দি এই কথা কোৱা মাত্ৰকে, বাৰৰ সিফালে আখলৰ চৰুৰ কাষৰ পৰা হাকিমণী মুনচুপনীয়ে ঠেহেৰ কৰে মাত লগালে;— “আমি ৰান্ধিলে আঞ্জাত লোণ নহয়, ভাত আধা-ফুটা হয়, মাছ কেচাই থাকে, কিবা বোলেনে ঢেৰুৱাৰ ঠাৰি নিসিজে। ৰান্ধনি বামুণ নাইবা ‘খানচামা’ নেৰাখে বা কিয়? সিহঁতে ৰান্ধি দিলেই দেখোন জুতি ধৰি খাব পাৰে; আৰু কিবা বোলেনে গোলামীজনীয়েও ‘ছুটি’ পায়।”

 হাকিম। —“উস! এইটো ভয়ংকৰ কথা দেখিছোঁ যে, আঞ্জাত লোণ নহ’লে নাই হোৱা বুলি ক’ব নেপায়; ভাত দেই গলে বা শুকাই কৰ্কৰা হ’লে দেই গ’ল বা কৰ্কৰা হ'ল বুলি ক'ব নেপায়; গাখীৰ কুৰূচিলে কুৰূচি গ’ল বুলি ক’ব নেপায়, ল’ৰা-ছোৱালীক কন্দুৱালে কিয় কন্দুৱাইছ বুলি সুধিব নেপায়! এনে কথা ক’ত আছে, ক’ত দেখিছা! মোৰ ঘৰত মই কোনো নহওঁনে? এইখন ঘৰৰ গৰাকী কোন? এইখন মান-মৰাণৰ মলুক হ’ল নে কি?”

 হাকিমনী। — “এৰা এইখন মান-মৰাণৰ মলুক হ’ল; মই মাননী মৰাননাী হলোঁ। মই আজিৰ পৰা ভাত ৰান্ধিব নোৱাৰো, নেৰান্ধো, সকলোকে কৈ দিলোঁ। আজিৰ পৰা কোনে মোৰ হতুৱাই ভাত ৰন্ধাই খায়, তাকো