পৃষ্ঠা:সুৰভি.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

চোতালত মেলি দিয়া ডোখোৰো খৰি এডাল মই তুলি লৈ তাৰে তাৰ মূৰত এমাৰ লগাই দিলোঁ। একে মাৰতে তাৰ মূৰটো ফাটিল, আৰু সি মাটিত ধূপূৰ কৰে পৰি মৰি থাকিল।

 “সেই অপৰাধতে, দেউতা মোৰ এই দুৰ্দ্দশা! পাঁচ বছৰ কঠোৰ পৰিশ্ৰমেৰে সৈতে মই ফাটক খাটিবৰ হুকুম হ'ল। তাবে তিনি বছৰ উকলিছে, আৰু দুবছৰ আছে। দেউতাই যেতিয়া গীতাৰ সেই শ্লোকটো পঢ়িছিল, তাৰ মানেটো সম্পৰ্ণৰূপে মোৰ গাত খাতিছিল দেখি মোৰ কান্দোন ওলাই গল। মই ধৰ্ম্ম আৰু ঈশ্বৰ চিন্তা এৰি এখোজ দোখোজকৈ বিষয় চিন্তাত আগবাঢ়ি শেহত বিষয়ত মোৰ সম্পূৰ্ণ আসক্তি জনমিল। আসক্তিৰ পৰা মোৰ মনত কামনা অৰ্থাৎ ইন্দ্ৰিয় চৰিতাৰ্থৰ বাসনা আহিল আৰু তাৰ ব্যাঘাতত ক্ৰোধৰ উদ্ৰেক হ'ল, ক্ৰোধৰ পৰা মোহ অৰ্থাৎ হিতাহিত জ্ঞান শূণ্যতা, আৰু মোহৰ পৰা স্মৃতি-বিভ্ৰম অৰ্থাৎ স্মৃতিভ্ৰংশ হ'ল আৰু স্মৃতিভ্ৰংশ হোৱাৰ বাবে বুদ্ধিনাশ ঘটিল, আৰু তাৰ ফলত মই নৰহত্যা পাতকত পৰিলোঁ, মোৰ সকলো ভ্ৰষ্ট হ'ল।”

 কয়েদীটোৰ এই বৃত্তান্ত শুনি মই অলপমান বেলি টভক মাৰি থাকি, লাহেকৈ পুথিখন সামৰি থলোঁ। তাক আৰু তাৰ লগৰীয়া কুলী কেইটাক তেতিয়াই সিহঁতৰ গোটেই দিনৰ হাজিৰাৰ ধন দিবলৈ গাত লৈ বিদায় দিলোঁ।