পৃষ্ঠা:সুৰভি.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )

ঘিঁউ ইত্যাদি কথাৰ মৰ্ম্মবোধ মোৰ বিশেষৰূপে হ'বলৈ ধৰিলে। মই নিপনীয়া গাখীৰ খাবলৈ ভালপাওঁ দেখি এজন বুঢ়াই মোক এজনী খীৰতী গাই দিলে। গাইজনীত মোৰ মৰম সোমাল; দেখিলোঁ, তাইক ঘাঁহ পানী খুৱাই পতি কৰিবলৈ এটা মানুহ নহ'লে নচলে। মঙ্গলা বুলি মোৰ ভকত মানুহ এটাই আপোন ইচ্ছাতে সেই কাম কৰিবলৈ গাত ললে, আৰু ময়ো সেই ভাৰ তাৰ গাত দিলোঁ। তাৰ মন পুতি কৰা যত্নত গাইজনীৰ শ্ৰীবৃদ্ধি হ'বলৈ ধৰিলে। মঙ্গলাৰ এজনী ভনীয়েক আছিল; তাইৰ নাম চেনেহী। চেনেহী কুৰি বছৰ বয়সীয়া আবিয়ৈ গাভৰু ছোৱালী। তাই আহি দিনৌ গাইজনীৰ গাখীৰ খীৰাই দি যাবৰ বাব তাইৰ গাত পৰিল। মঙ্গলাই পথাৰত হাল-কোৰ বাব লগা বাবে কোনো কোনো দিন আহিবলৈ আহৰি নোপোৱা হ'লে, চেনেহীয়েই মঙ্গলাৰ বাবৰ সকলোখিনি কাম কৰি দি যায়হি। মই দেখিলোঁ, চেনেহীৰ কাম মঙ্গলাৰ কামতকৈ ভালেমান গুণে শুৱলা হয়। আহাৰ শাওণ মহীয়া পথাৰৰ কামত সৰহকৈ মন দিবলগীয়া হোৱাত, মঙ্গলাই আহৰি একেবাৰেই নোপোৱা হ'ল; আৰু চেনেহীৰ গাতে তাৰ বাব গোটেইটো পৰিল। তেনে হোৱাত ময়ো সন্তুষ্ট হলোঁ। কাৰণ, তাইৰ কাম মোৰ চকুত মঙ্গলাৰ কামতকৈ চিকুণ যেন লাগিছিল। চেনেহীয়ে গাইৰ গাখীৰ খীৰায়, গোবৰ পেলায়, গোহালি অতাঁয়, তাৰ উপৰি মোৰ টৌ মলে, কাঁহী বাটি ধোৱে, আৰু জুহালৰ জুই ধৰি দিয়া আদি কাম কৰে। তাই অতি সন্তৰ্পণে ভক্তি-ভাৱে একান্ত মনে তাইৰ এইবিলাক কাম কৰিবলৈ ধৰিলে। কিন্তু স্পষ্টকৈ গম ধৰিব নোৱাৰাকৈ এখোজ দুখোজকৈ আহি, সংসাৰ ত্যাগী সন্ন্যাসীৰ শৰীৰত, বিষয়-বিৰাগী বৰাগীৰ গাত, দুষ্ট কলি প্ৰৱেশ কৰিলে; বৰাগীৰ মনত বিকাৰ উপস্থিত হ'ল। সন্ন্যাসীৰ শান্তিপূৰ্ণ মনত কৰবাৰ পৰা আহি অশান্তি সোমাল, নিৰুদ্বেগ অন্তৰত উদ্বেগে ঠাই ল'লে, ঈশ্বৰ চিন্তাৰ ঠাই চেনেহীৰ চিন্তাই বলেৰে 'দখল' কৰিলে। কোনো দিনা চেনেহীয়ে বনবাৰী কৰিবলৈ অহাত পলম কৰিলে মোৰ মন উগুল-থুগুল লাগি পৰে, মই সকলো কাম এৰি তাই অহা বাটলৈ চাই থাকো। খোপে খোপে মোৰ মন ঈশ্বৰ চিন্তাৰ পৰা নামি আহি চেনেহীৰ চিন্তাত পৰিল, আৰু শেহত তাৰ পৰা একেবাৰেই উঠিব নোৱাৰা হ'ল। হিচাপৰ বহীত আজি এক অনা চেনেহীৰ ভাবনা,