পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুধৰ্ম্মাৰ উপাখ্যান

আৰু অসৎ কাৰ্য্যলৈ ঘৃণা অছিল। সত্যবানে সৰূৰে পৰা ভালকৈ লেখাপঢ়া শিক্ষা কৰাৰ দ্বাৰাই তেঁওৰ ভাল বেয়া বিবেচনা শক্তি হইছিল। শিক্ষাৰ গুণত সকলাে প্ৰকাৰৰ গুণবিলাক তেঁওৰ শৰীৰৰ ভূষণ স্বৰূপ আছিল। তেঁও গাঁওৰ উপকাৰৰ নিমিত্তে বড় যত্ন কৰে। তেঁও বিনামাসুলে ঘৰতে ইস্কুল পাতি দুখীয়া লৰাবিলাকক পঢ়াইছিল। তেঁওৰ পৰা গাওৰ দুখীয়া মানুহে অলপ অলপ সাহায্য পাইছিল। তেঁওৰ সজ আচৰণত গাঁওৰ মানুহে তেঁওক বড় ভাল পাই মৰম কৰিছিল।

 সুধৰ্ম্মাই পিতাকৰ ঘৰত সৰুৰে পৰা লেখাপঢ়া শিকিছিল। স্বামিৰ ঘৰত সত্যবানে শিক্ষা দিয়াত হেলা কৰা নাছিল। তেঁওবিলাকে অন্যায় বা আলাগতীয়া কথাবাৰ্তা কই সময় নেখেদাইছিল। কেবল ধৰ্ম্মৰ বিষয় আনৰ উপকাৰৰ বিষয় আৰু আপােনাৰ ঘৰৰ উন্নতিৰ বিষয় আলচ কৰে। সুধৰ্মা গৃহস্থিৰ কাৰ্যত বড় কাৰ্যদক্ষা আছিল। তেঁওৰ পৰা ঘৰৰ আৰু গাঁওৰ মানুহে সন্তোষত বাহিৰে কেতিয়াও বেজাৰ নেপাইছিল। দুখী, ভুখী, অতিথি, অভ্যাগতলৈ তেঁওৰ বৰ মৰম আছিল। তেঁও সতী, সাধ্বী, পতিব্ৰতা আছিল। স্বামিলৈ বড় ভক্তি। আপােনাৰ প্ৰাণতকৈও স্বামিক অধিক মানিছিল। সত্যবানেও তেঁওক প্ৰাণতকৈ অধিক মানিছিল। হায় ! ঈশ্বৰৰ কি ইচ্ছা,তেঁওবিলাকৰ কি দুৰ্দশা, এনে সুখেৰে থকা মানুহবিলাক এতিয়া বিপদত পড়ি অনেক কাললৈ বিচ্ছেদা বিচ্ছেদী হবৰ দিন হল।

 [৩] সেই দেশতে এজন ভদ্ৰলােকৰ মাধবচন্দ্ৰ নামেৰে এটা লৰা আছিল। তেঁওৰ ঘৈনীএকৰ নাম লীলাবতী। মাধবচন্দ্ৰ আৰু লীলাবতীৰ স্বভাব বড় ভাল আছিল। মাধবচন্দ্ৰেৰে সত্যবানৰে সমান