পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৯

ইচ্ছা তোমা লোকক পাইছোঁহি। সখা! এতিয়া ঘৰৰ ফালে যোৱাহে উচিত।

 মুনিকন্যা আৰু বৃদ্ধা তাপসীএ কেই দিন মান ৰখাই, এদিন ভাল দিন বাৰ চাই তেঁওবিলাকক বিদায় দিলে। সত্যবানে মনোহৰক সুধিলে, ভাই তুমি কি কৰা? মোৰ মনেৰে তোমাকো ময় লই যাও ঈশ্বৰে মঙ্গলে ঘৰ পোৱালে যদি ইচ্ছা হয় আমাৰ তাতে থাকি আমাৰ লগৰে এজন অংশী হবা। আৰু যদি নাথাকা তেন্তে দেশলৈ যাবা। মনোহৰ সেই কথাতে সম্মত হল। সত্যবান, মাধবচন্দ্ৰ, মনোহৰ তেঁওবিলাকৰ পৰিবাৰে সইতে যাত্ৰা কৰিলে।