পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩১

বুজাই আশ্ৰমলৈ আনিলে। ৰাতি সুধৰ্ম্মাই সমাজিকত দেখিলে যি ঋষিএ ব্যাধৰ হাতৰ পৰা তেঁওবিলাকক ৰক্ষা কৰিছিল সেই ঋষি কইছে। বাছা! দুখ নকৰিবি, তােৰ স্বামী জীয়াই ভালে আছে, অতি অলপতে পাবি। তেঁও সমাজিককে সত্য যেন মানি মনত বড় আনন্দ পালে। আৰু সকলাে লগৰিয়া বিলাকে সমাজিকৰ কথা শুনি বড় আনন্দেৰে জয়ধ্বনি কৰি কৰি কলে, “সংস্বপ্ন, স্বপ্ন ফলােক।”

 এদিন সুধৰ্ম্মা, লীলা, মনােৰমা, মুনিকন্যা, সকলোবিলাক ফুৰিবলৈ গৈছে। যি দেবালয়ত সত্যবান আছে সেই দেবালয়ৰ ফালেই গই এডােখৰ ভাল ঠাইত সকলােবিলাকে বিশ্ৰাম কৰিছে। কোনোএ চল তুলি মালাকে গাঁথিছে। কোনাে বা চৰাইবিলাকে নাচি ৰুন দিয়াকে চাইছে। কোনােএ দূৰণিত থকা পহু পােৱালি বিলাকৰে ৰং চাইছে। সুমুধৰ্ম্মা, লীলা আৰু মনােৰমাই এজোপা গছৰ তলত বহি তেঁওবিলাকৰ স্বামী সকলৰ কথা কই চিন্তা কৰি আছে। এনেতে দক্ষিণ ফালে বাঁহিৰ মাত শুনি বড় চঞ্চলা হই লীলাত কলে, সখি! কোনে বাঁহি বজাইছে ; হায় হায় ঐ ! মোৰ প্ৰাণনাথেই যেন এই বাঁহি বজাইছে ! ময় এই বাঁহি শুনি স্থিৰ হই থাকিব নোৱাৰে। কোনে বাঁহি বজাইছে বিচাৰি যাঁও বলা। এই বুলি বাহিৰ মাতৰ পােনে গল। লীলা, মনােৰ উৰুও লগতে গল।

 সত্যবানে আবেলি সময়ত আহি সৰােবৰৰ পাৰৰ এজোপা [৩৩] বংশীবটৰ তলত বহি বহি বজাইছিল। এঁওবিলাক গই বহুত আঁতৰতে ৰই শুনি আছে। বাঁহিৰ মাতহে শুনিছে মানুহটীক হলে ভালকৈ দেখা নাই। সুধৰ্ম্মাৰ মন এনেহে ব্যাকুল হইছে যেন সেই মানুহনী তেঁওৰ স্বামীৰ শিক্ষিত। তেঁওৰ গুৰিলৈ গই যেন সত্যবানৰ