পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৯

কথাতে মান্তি হল আৰু দুইও হোমৰ কাঠ লই আশ্ৰমলৈ আহিল। মুনিৰ আশ্ৰমতে দুইও বড় মিলেৰে আছে। মাধবচন্দ্ৰে সইতে যেনে ভাব আছিল, মনোহৰে সইতেও তেনে ভাব হল। মনোহৰৰ স্বভাব একেবাৰে লুটিখালে। তেওঁৰ সেই অসত ভাব গুছি এনেহে ধৰ্ম্ম আৰু সজ ভাব হল যে তাকে দেখি সকলোএ তেওক আদৰ কৰিলে।