পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সুধৰ্ম্মাৰ উপাখ্যান

 ঘৰত সেইদৰেই কেই দিনমান আছিলে লাহে লাহে মদ ভাঙ্গ খাবলৈ পয়সাও নাপাওঁ। ভাত পানীও দিওঁতা নাই। মোৰ হীন অবস্থা দেখি লগৰ বিলাকে কোনেও মোক আদৰ নকৰা হল। শেষত এনে হল যি বিলাকে মোক বড় অদৰ কৰিছিল সেই বিলাকে দেখিলেও ঘিণ কৰা হল। পিছে মোৰ জ্বৰ গ্ৰহণি নৰিয়া হল, বড় টান হই মৰিব লগা হলোঁ। তেতিয়া মোক কোনেও পতি কৰোতা নাই। সেই সময়ৰ কষ্টৰ কথা কি কম, নিৰাশ্ৰয় মানুহৰ নৰিয়াৰ সময়ত কিমান কষ্ট হয় তাক ভাবিলেই বুজিব। তাৰে এজন মৰমিয়াল মানুহে দেখিব নোৱাৰি মোক হাসপিটালত দিলে। তাতে [৩০] বহুত দিন থাকি অলপ ভাল হই ওলাই আহি মোৰ মন এক ৰকম হল। নৰিয়াতে নাখাই নাখাই মদ ভাঙ্গ আদি নোখোৱাকৈ থাকিব পৰা হলোঁ। আই বোপাইতো নোপোৱা ঠাইলৈ গল, বিচাৰিলে বা কেনেকৈ পাম। তিৰোতা জনীক হাবিত এড়িলোঁ কি জানি জীয়াই আছেই, বিচাৰি ফুৰিলে পাঁও বা,এই ভাবি তাৰ পৰা আহি এই আজি এবছৰ তেওঁকে বিচাৰি ফুৰিছোঁ। আজি অহি এই খিনি পাইছো। এতিয়া কলৈনো বিচাৰি যাম ভাবি নেপাও।

 সত্যবানে কলে ভাই! তুমি যেনে ভাবৰ দুঃখী ময়ও তেনে দুঃখিত! এতেকে দুইও একে লগেই থাকোঁহক। সত্যবানৰো কথা বিলাক তেঁওৰ আগত কলে। ওচৰতে মুনি সকলৰ থকা ঠাই, ময় তাতে থাকোঁ, তেঁওবিলাক বড় শুদ্ধ সত্ব লোক তাত থাকিলে আমাৰ মনৰ গতি পবিত্ৰ ফালেহে যাবৰ আশা। যদি তেঁওবিলাকক পাব লগা আছে পাম, নহলে তাতে ঈশ্বৰক আৰাধনা কৰি থাকিলে জীবনৰ সাৰ্থক হব! এতেকে ভাই! তালৈকে যাও বলা। মনোহৰ সেই