পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৭

দিয়ক ময়ও কাপড় বঁও। এতেকে আমাৰ খৰচ চলিব। তেঁওৰ কথা শুনি মোৰ মন ভাল নহল। কেবল কেনেকৈ ৰুপ কেটকা নিম এই বৃদ্ধি কৰিবলৈ ধৰিলোঁ। তেঁও সদায় মোক হিত উপদেশ দিয়ে। ময় তাত বড় বেয়া পাও। মন কেবল বেয়াৰ ফালেহে যায়। কেঁচুৱা লৰাই ভালেবেলি মাকৰ পিয়াহ খাবলৈ নাপাই থাকি খাবলৈ পালে যি ৰূপে হোপা ধৰে সেইদৰে মোৰৰ ফাটক খাটি লাজ নহল। এবছৰৰ মুৰত আমি আকৌ সেই অসদ সঙ্গতে লগ হই ফুৰিবলৈ ধৰিলোঁ। তিৰোতাৰ হাতৰ পৰা মাৰি ধৰি টকা কেইটাও নিলোঁ। আৰু যেতিয়া যি পায় তাকো কাঢ়ি নিও। তথাপি তেঁও মোক এদিনো টান মাত নিদিলে। খাবলৈ নিদি নাথাকে। কিন্তু মোৰ শোকতে তেঁওৰ শৰীৰ জীৰ্ণ হল। শ্ৰম [২৯] কৰিব নোৱাৰা হল গতিকে বড় কষ্ট হল। পিছে মোৰ মনত এনে ভাব হল এইক খেদি পঠাব পাৰিলে ময় যতে ততে থাকিব পাৰিম'। এই বুলি এদিন ফাঁকি কৰি আনি ৰাতি হাবিৰ মাজত এড়ি ময় ঘৰলৈ গুছি গলোঁ। এই কথা কইএ মনোহৰ কিছু বেলি মাতিব নোৱাৰা হই আছিল। মনোহৰৰ মুড় ঘামিবলৈ ধৰিলে। গাৰ লোম ভুবৰি উঠিল, চকু মুদি একে ঠৰেই থাকি বহুত পৰৰ মুৰত ভাগৰৰ পৰা অহা মানুহৰ দৰে হুমুনিয়াহ পেলাই চকু মেলি কলে। হে দেও! তেঁওৰ চাগৈ কি গতি হল? তেঁওৰ প্ৰাণ ৰক্ষা পাইছে নে?

 সত্যবানে তেঁওৰ তেনে হবৰ দেখি ভাবিলে যে মানুহটো শোকতে এনে হইছে। এই ভাবি তেঁও আশ্বাস দি কলে। ভাই! ভয় নকৰিবা তেঁও সতী নাৰী, তেঁও কেতিয়াও নষ্ট হোৱা নাই। অবশ্যে ভালে আছে পাবা। মনোহৰে আকৌ কবলৈ ধৰিলে।