পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সুধৰ্ম্মাৰ উপখ্যান

 এদিন সত্যবান ফুল নিবলৈ আহি এটা মানুহক সেই হাবিব মাজত বড় দুঃখ মনেৰে বহি থকা দেখি সুধিলে। হেৰা ভাই, তুমি কৰ মানুহ, কত থাকা? দেখাত দেখোন ভাল মানুহৰ দৰে দেখি, কিন্তু এনে মলিন অবস্থাৰে কিয় ইয়াত বহি আছা? তেঁও কলে বোলে হে দেৱ। মোৰ কথানে। আপুনি কি সেধে ময় মহা পাষণ্ড। মোৰ সমান নৰাধম আৰু পৃথিবীত নাই। ময় ঘোৰ পাতকীৰ কথা শুনি আপোনাৰ শুদ্ধ মনক অসুখী নকৰিব। সত্যবানে কলে, দুঃখিত পাপৰ প্ৰায়শ্চিত্ত আছে। তোমাৰ দুখৰ কথা কবলৈ তুমি বেয়া নাপাবা। ভাল কথাই হক, বা বেয়া কথাই হক, আনৰ আগত কলে বুকু চেঁচা লাগে। তেঁও কলে ময় যি বিলাক মহাপাপ কৰি আহিছে তাৰ কিৰূপে প্ৰতিকাৰ হব ভাবি নাপাও আৰু মোৰ অন্তৰ কেনেকৈ শীতল হব? তথাপি আপুনি যেতিয়া মোৰ দুঃখৰ অবস্থা দেখি সুধিছে তেন্তে কওঁ।

 ময় অভয় পুৰৰ হৰিমোহন বড়ুবাৰ পুতেক, মোৰ নাম মনোহৰ, মোৰ পিতাৰ কেবল ময়এইহে সন্তান, পিতা আৰু আইৰ মনত মই পমি যাও যেন আছিলো। পাঁচ বছৰীয়া হবৰে পৰা মোক ইস্কুলত পঢ়িবলৈ দিছিল, আৰু ঘৰতো অধ্যা[২৬]পক ৰখাই অনেক যত্নেৰে পঢ়াবলৈ চেষ্টা কৰিছিল। কিন্তু ময় পাষণ্ডে কোনো ৰকমে নপঢ়ি কেবল দুষ্টালি কৰি ফুৰোঁ। মোৰ স্বভাব দেখি তেঁওবিলাকে বড় বেজাৰ পাই খঙ্গ কৰে, আৰু মৰমেৰে বুজাই কয়, ময় তাক কথা যেনকে নেদেখোঁ। লাহে লাহে ডাঙ্গৰ হৈ আহোতে মোৰ স্বভাব আৰু বেয়া হই আহিল। পিতৃমাতৃএ মোৰ স্বভাৱ ভাল হব বুলি এঘৰ ভাল মানুহৰ ঘৰৰ এটী ভাল ছোৱালী বিয়া কৰাই দিলে। বিয়া