পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১১

নাপাই বিহ্বলা হই তাৰ পৰা উঠি গল। এখন বড় হাবি পালে। হাবিক সম্বোধন কৰি কলে, হে অৰণ্য! মোৰ প্ৰাণাধিক স্বামীক দেখা পাইছিলা নে? অৰণ্যে কি উত্তৰ দিব? তেঁও কাৰৰ পৰা উত্তৰ নাপাই কান্দি কান্দি লীলাত কলে, সখি? মোক দুঃখিনী দেখি মোৰ কথাৰ কোনেও উত্তৰ নিদিয়ে। হায়! ময় নিশ্চয় জানিলোঁ প্ৰিয়তম [১২] সেই নদীতে লয় পালে। ময়ও পুনৰাই সেই নদীতে ঝাঁপ দি প্ৰাণনাথৰ গুৰিলৈ যাও।

 লীলাবতীৰ গাত কিছু ধৈৰ্য্য গুণ আৰু বিবেচনা শক্তি আছিল। তেঁও সুধৰ্ম্মাৰ সমান পাগলী হোৱা নাছিল। তেঁওৰ মন অলপ ডাঠে খাই ফুৰিছে। সুধৰ্ম্মাক অনেক প্ৰকাৰ প্ৰবোধ দি কইছে। সখি! তুমি একেবাৰেই পাগলী হলা আপদ কালত ধৈৰ্য্যহে উপায় আৰু ঔষধ। অশ্বথ আৰু হাবিৰ কিবা কথাৰ উত্তৰ দিব পৰা ক্ষমতা আছে নে? সখি! ধৈৰ্য্য ধৰা। ঈশ্বৰে আমাক একেবাৰে বাটৰ মাগনী কৰিব নেপায়। যতদিন জীয়াই থাকোঁ ততদিন বিচাৰি ফুৰিম। তেওঁবিলাককে আৰাধনা কৰি জীবনৰ শেষ ভাগ ক্ষয় কৰিম।

 সেইদিনা ৰাতি তাতে এজোপা গছৰ তলত দুইও পড়ি থাকিল। পিছ দিনা পুৱা তাৰ পৰা গল। তেঁওবিলাকে এইদৰে অনেক দিন হাবিএ বনে ফুৰিছে। কল, কুহিয়াৰ, গছৰ গুটি, এনেকুয়া পালে খায়। ৰাতি যতে পায় .ততে পড়ি থাকে। কেবল সন্ন্যাসিনীৰ বেশেৰে ফুৰিছে। এদিন হাবিৰ মাজে মাজে আহি আছে, এনেতে সিফালৰ পৰা এটা ব্যাধে চৰাই গুলিয়াবলৈ আহি তেঁওবিলাকক দেখা পালে। ব্যাধে তেঁওবিলাকক দেখি দুষ্ট ইন্দ্ৰিয়ৰ বশ হই তেঁওবিলাকৰ সতীত্ব নষ্ট কৰিবৰ চেষ্টা কৰিছে। তেঁওবিলাকে একো উপায় নাপাই, কেবল