পৃষ্ঠা:সুধন্বাবধ পৰ্ব্ব.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৭ ]


দুই পাৱ কটা হংসধ্বজৰ তনয়।
দেখি মহা ভয় ভৈল বীৰ ধনঞ্জয়॥
ধায়া আসে বীৰ মূখ গোট মেলি বৰ।
কোপে কম্পমান ধনঞ্জয়ৰ শৰীৰ॥
যুদ্ধত উত্তম মহাবীৰ সব্যসাচী।
সৰ্ব্ব দেৱময় শৰপাট লেল বাচি॥
পূৰ্ণিমাৰ চন্দ্ৰ যেন বদন মণ্ডল।
চক্ষু দুই শোভে যেন প্ৰফুল্ল কমল॥
কিৰীটি কুণ্ডলে মণ্ডি জলন্তে আছয়।
সৰ্ব্ব দেৱময় শৰে কাটিল ধনঞ্জয়॥
শৰ ছোটে মুণ্ড গোট উফৰি পৰিল।
মহা বেগে অৰ্জ্জুনৰ হিয়াত পৰিল॥
সেহি ছোটে মহাবীৰ পৰিলন্ত ঢলি।
দেখি চমকিত ভৈল দেৱ বনমালী॥
এত হন্তে অৰ্জ্জুনে পৰিল মুৰ্চ্ছা যাই।
কতো বেলি মানে উঠিলন্ত শ্ৰুতি পাই॥
তৈৰ পৰা শিৰ গোট বেগে অন্তৰিল।
গোবিন্দৰ দুই যেবে চৰণে পৰিল॥
পাপ বিনাশন বীৰ বিষ্ণুত ভকত।
মহাতুষ্ট হৈয়া তাঙ্ক দিলন্ত মুকুত॥
জৈমিনি বদতি শুনিয়োক জন্মিজয়।
শিৰ গোট ধৰিলন্ত দৈৱকী তনয়॥