এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৩ ]
আকাশে ডৰিল ত্ৰিদশ দেবতা,
মৰ্ত্য়ত ডৰিল নৰ।
চৈধ্যয় ভুবন, আজি দহিবেক,
অৰ্জ্জুন বীৰৰ শৰ॥
দুই মহাবীৰ, সংগ্ৰাম মিলিল,
নাজানি কাহাৰ ভঙ্গ।
চক্ষু তৰি তৰি, চাহিয়া আছিল,
নাহি কাৰো ৰঙ্গ ঢঙ্গ॥
অৰ্জ্জুনে হানিল, আকাশে চলিল
পৃথিৱী, কম্পাসা যাই।
নন্ত জপকৰি সুধন্বা কুমৰে,
মাৰিলন্ত লক্ষ চাই॥
সিও বান গোট খণ্ড খও হুই,
পৃথিবী মাজে পৰিল।
শঙ্খৰ শবদে, সুধস্কা কুমবে,
সেনাক চঙ্ক লগাইল॥
গোবিন্দ বদতি, শুনা প্ৰাণ সখি,
কিমতে ৰাখিবা প্ৰাণ।
বলে পৰাক্ৰমে, সুধন্বাৰ তুমি,
নুহিবা আজি সমান॥
সাম্ফল নাৱৰ, গৰ্ভত ধৰিল,
ত্ৰিভূবনে বীৰ সাৰ।