এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২৮]
দিব্য শুক্ল বস্ত্ৰ আনি, পৰিধান কৰিলন্ত,
হৃদয়ত শোভে হেমহাৰে।
দিব্য অলঙ্কাৰে গাৰ, চন্দন পিন্ধিল আনি,
মৰিবাক লাগি ৰিঙ্গ কৰে॥
লক্ষক যে তুলসীৰ মালা এক খানি বীৰে,
আনি তাক পিন্ধিলন্ত শিৰে।
তুলসীৰ মুণ্ডমালা মুখে আমলখি লৈলা,
কৰমালা তুলি লৈলা কৰে॥
হৰিৰ সহস্ৰ নাম, সুবৰ্ণ কৱচ খান,
তাক আনি পিন্ধিলন্ত বীৰে।
সালগ্ৰাম শিলা খানি, বাহুত ধৰিলা আনি,
মন্ত্ৰ জাপ্যকৰে আৰ হাতে।
মাধৱ গোবিন্দ হৰি, সুমৰন্ত ৰঙ্গ কৰি,
মৰিবাক লাগি নাহি চিন্তা।
সামৰাজে চাহি আছে, সুধন্বা কুমৰ পাছে,
উচ্চ কৰি ৰঙ্গে পঢ়ে গীতা॥
তৈলৰ উথল ৰোল, নুশুনয় মাত বোল,
কুমৰক নিলা তান পাশে।
আলসতে যত্ন কৰি, চৰগণে চান্ত বেঢ়ি,
দেৱগণে চাহন্ত আকাশে॥
ব্ৰহ্মাদেৱ পুৰন্দৰ, হৰি হৰ বৈশ্বানৰ,
আসি ভৈল ত্ৰিদশ সকল।