এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২২]
ৰাজায়ে বুলিল যেন, আমিয়ো কৰিবোঁ তেন,
আজি এৰাইবাহা কোন ভাগে॥
নুঠিবাহা ঘোটকত, ভূমি পাৱে চলিয়োক,
লৱৰন্তে দুতে আনে ধৰি
সুধান্বা যে কুমৰৰ, ভুৰু ভঙ্গ নাহি কয়,
দূত সব গৈলেক ভাগৰি॥
দুই প্ৰহৰৰ বাট, চাৰি দণ্ডে এৰাইলেক
ৰাজাৰ আগত আনি দিলা।
পাচে হংসধ্বজ ৰাজা, সুধন্বাৰ মুখ দেখি,
ক্ৰোধে যেন অগ্নি উথলিলা॥
শুন অৰে দুৰাচাৰ, অধৰ্ম্ম বৰ্ব্বৰ পাপ
কৃষ্ণ অৰ্জ্জুনক নেদেখিলি।
যেথনে অন্তৰি গৈলি, সুদা ঠাইতে আসি ভৈলি,
তই মোৰ কুলক বঞ্চিলি॥
সুধন্বা ৰোলয় বাপ, নতু কৰো একো পাপ,
তোমাৰ বধূৰ ভৈল ঋতু।
তান কাৰ্য্য সঙ্কলন্তে, কাছি পাৰি ওলাওঁতে,
এহি মোৰ বিলম্বৰ হেতু॥
⸻⸻