এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৪]
অৰ্জ্জুনক জিনি, হৰিক আনিবো,
দেখাওঁ মোৰ বীৰত্ব।
গোবিন্দৰ সখি, বীৰ ধনঞ্জয়,
গুছাও তাৰ মহত্ব॥
তোমাৰ চৰণ, শিৰোগত কৰোঁ,
দুৰ্ব্বাক্ষত দিয়া মাথে।
খণ্ডোক বিঘিনি, শত্ৰুগণ জিনি,
আসিবোহোঁ অব্যাহতে॥
জননী বোলয়, পুত্ৰ যে সুধম্বা,
যায়োক সমৰে সাজি।
দুৰ্ল্লভ হৰিক, যতনে আনিবা,
নালাগে তুৰঙ্গ বাজি॥
যাত্ৰি দিনে স্মৰো, দেৱ নাৰায়ণ,
প্ৰত্যেকে দেখো নয়নে।
একো কালে বাপু, এৰিয়া নাসিবি,
ধৰি আন মোৰ স্থানে॥
প্ৰাণক লাগিয়া, বিমুখ নুহিবি,
হাসিবেক সৰ্ব্বলোক।
এইৰ পুতেকে, যুদ্ধ হাৰিলেক,
নিন্দা কৰিবেক মোক॥
পলাইবাক কৰি, সমৰণে পৰি,
অখণ্ড স্বৰ্গক পাই।