পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

শুকান মাটিত হেঙুল বোলাই
 গঢ়োঁ চপৰা সোণ॥
প্ৰাণে প্ৰাণে আমাৰ
 নতুন গঢ়াৰ সপোন
প্ৰতিক্ষণ আমাৰ ধন
 বজ্ৰমুঠিৰে নিজে গঢ়ি পূৰ্ণ কৰোঁ
আমাৰ যত প্ৰয়োজন।
আকাশ ধৰাৰ সুন্দৰতাত
 হৃদয় আমাৰ মগণ
ভেদভাব অলসতা, সমাজৰ মলিনতা
 ধ্বংস কৰিম আমি, কৰিছোঁ পণ।

 গীত গাই গাই সিহঁত দোলদোপ-হেন্দোলদোপে সুকোমল ৰাজ্যৰ ফালে আগবাঢ়িল। মুখখন টেমীহেন কৰি বল্টু তাতেই থিয় হৈ থাকিল।

 তাৰ অৱস্থা দেখি ফেঁহুজালি আইদেউৰ দুখ লাগিল।

২২/সুকোমল দেশৰ সাধু