পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
সাজি-কাচি ওলাল; কুঁৱলিয়ে আলিবাটত বগা দলিচা পাৰি দিলে। কাউৰী এজনীয়ে কা-কা কৰি ফেঁহুজালি আইদেউৰ আগমণৰ বতৰা সকলোকে দিলে।

 এনে বিমল আয়োজন দেখি বল্টুৰ হৃদয় পমি গ’ল। সি ক’ত আছে সকলো পাহৰি গ'ল। ল'ৰাবোৰৰ সৈতে সিও আইদেউক প্ৰণাম জনালে। ফেঁহুজালিয়ে সকলোৰে মূৰত হাত বুলাই দিলে। বল্টুৰ মূৰত হাত দিয়াৰ লগে লগে তাৰ গোটেই গাতে এচাটি শীতল বতাহে বিছি দিলে। তাৰ মনটো ভাল লাগি গ'ল। সি সদায় এইখিনি সময়তে শুৱাৰ পৰা উঠি ফেঁহুজালিৰ এনে পৰশ পাবলৈ পেটে পেটে কামনা কৰিলে।

 আইদেৱে মিচিকিয়া হাঁহি মাৰি সকলোকে চালে। তাৰ পিছত ল'ৰা-ছোৱালীবোৰক সুধিলে— “বাচাহঁত! আজি কোনে কেনেকৈ সোণ বুটলিলা কোৱাচোন।”

 প্ৰথম ল’ৰাজনে উত্তৰ দিলে—

“ফঁটা-চিটা কাগজ কাপোৰ
 য’তে যিমান পাওঁ,
তাকে কাটি বাৰে-বৰণৰ
 পুতলা সজাওঁ॥
ঘৰ সজাওঁ, বেহা কৰোঁ,
 সময়ো নহ'ল নষ্ট,
বহী পেঞ্চিল লওঁ কিনি
 আনক নিদিওঁ কষ্ট।”

 দ্বিতীয়জনে ক'লে—

“বাঁহ, বটল, কলম যত
 পাওঁ অ'ত-ত'ত,

২০/ সুকোমল দেশৰ সাধু