পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাঁচ

 জোনৰ পোহৰৰ বাবে ৰাতি কিমান হৈছে ধৰিব নোৱাৰি। বল্টুৱে এটা ফেঁচাৰ উৰুলি শুনিবলৈ পালে। মাজে মাজে এটা বালিমাহী চৰায়ে ‘চিঁ-চিঁ’কৈ মাতিছে। বল্টুৰ মনটো ভাল লাগি গ'ল। বহুত দূৰৰ পৰা শিয়ালেও হুৱা দিয়া সি শুনিলে। তাৰ ভাব হ’ল : “ৰাতি পুৱাবৰ হ’লেই কিজানি!”

 কিছুদূৰ গৈ সি দেখা পালে এখন সুন্দৰ ফুলৰ বাগিছা। তাৰে আন এটা ফালে এখন শাক-পাচলিৰ খেতি। কিছুমান ল'ৰা-ছোৱালীয়ে সেই বাগিছাত ব্যস্ত হৈ পৰিছে। মাটি খুচৰা, পানী দিয়া, বন নিঁয়াৰী দিয়া আদি কাম কৰি আছে। বল্টুৰ এনেহে লাগিল যেন ফুলবোৰে মিচিক-মাচাককৈ হাঁহি আছে। লহপহীয়া শাক- পাচলিবোৰে যেন ল'ৰা-ছোৱালীবোৰৰ লগত কথাহে পাতিছে! কিছুপৰ সি আপোনমনে চাই থাকিল। কিন্তু হঠাতে তাৰ তিমিৰ দৈত্যৰ কথা মনত পৰিল। সি এজন ল’ৰাক সোণ বুটলিব ক’ত পাৰি সুধিলে।

 ল’ৰাজনে উত্তৰ দিলে—

“ঘৰৰ কাষত মাটি আছে
 চামে চামে পৰি
জনাবুজাই তাতে পায়
 সোণমণি বিচাৰি
ফুল খেতি, পাচলি খেতিত
 আমি পাওঁ সোণ
সময়তো নহয় সোণতকৈ
 কম মূল্যবান।

১৮ / সুকোমল দেশৰ সাধু