পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
সজোৱা বস্তু, পুতলা আদি বিবিধ বস্তু পটাপট্ তৈয়াৰ কৰিব ধৰিছে। বল্টুই দেখি হতভম্ব। চুচুক-চামাক্‌কৈ সি ভিতৰলৈ সোমাই গৈ সেইবোৰ সজোৱা কৌশলবোৰ মনে মনে শিকি ল'লে। কিন্তু হঠাতে তাৰ পুনৰ সোণ বুটলা ল’ৰা-ছোৱালীৰ কথাবোৰ মনত পৰিল। সি এইবাৰ ছোৱালী এজনীক সুধিলে— “ভণ্টি, সোণ বুটলা ল’ৰা-ছোৱালী ক’ত আছে?”

 ছোৱালীজনীয়ে ‘এইটো ক’ৰ জধামূৰ্খ আহিল ঐ' বুলি ভাবি ভেঁকাহি মাৰি ক'লে—

“ৰঙীন আকাশ ধৰাৰ ৰূপ
 নেদেখে যিটো জনে
সাত ৰঙৰ সোণৰ মোল
 জানো পাব সেই জনে?
সোণ চেঁকুৰা লাগে যদি
 বহা আমাৰ স’তে
জানি লোৱা ৰঙৰ স’তে
 সোণে কথা পাতে।”

 বল্টুৱে অলপ লাজো পালে। সি পেটে পেটে ভাবিলে— “এইজনী আৰু এখোপ চৰা। সোণ কি বস্তু ইহঁতে বুজিয়েই নাপায় হ’বলা। তিমিৰ দৈত্যইনো বাৰু কোনবোৰ ল'ৰা-ছোৱালীৰ কথা ক’লে? নে মোক খোৱাৰ মতলবতে এনেদৰে কৈছে?”— এনেদৰে ভাবি সি এখোজ দুখোজকৈ আগবাঢ়িল।

সুকোমল দেশৰ সাধু / ১৭