পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
  বল্টু— “পিছে তহঁতৰ সেই মণিকাঞ্চন নগৰখন ক’ত?”

 দৈত্য— “ইয়াৰ পৰা চিধাই পূৱত— য’ত সূৰ্য্য উঠে। তাত সূৰ্য্য উঠিলেই চৌদিশে মণি-মুক্তাৰ দৰে উজ্বলি উঠে। সেয়েহে সেই ৰাজ্যৰ নাম মণিকাঞ্চন।”

 বল্টু— “পশ্চিমৰ এই আন্ধাৰ ৰাজ্যখনলৈ সূৰ্য্য নাহে নেকি?”

 দৈত্য— “আহে। কিন্তু সূৰ্য্যদেৱতাৰ মাতৃ ঊষাৰাণীয়ে হুকুম দি থৈছে যে এই আন্ধাৰ ৰাজ্যলৈ আহিলে সূৰ্য্যদেৱতাই তেওঁৰ গাৰ ৰশ্মিবোৰ দুই ককায়েক ‘মধ্যাহ্ন’ আৰু ‘অপৰাহ্ন’ৰ ঘৰত থৈ আহিব লাগিব। ইয়ালৈ আহি তেওঁ বিনা ৰশ্মিৰে নিশাটো বিশ্ৰাম লৈ পুৱাতে পূৰ্বদিশ পাব লাগিব।”

 বল্টু— “মোক যে তোৰ ৰাণীৰ ওচৰলৈ পঠাম বুলিছিলি, নপঠাৱ নেকি?”

 দৈত্য—– “বল্টু! তোৰ মগজুও আছে, সাহসো আছে। গতিকে তোক মই বন্ধ কৰি ৰখাটো উচিত নহ'ব। তই যা বোপা! এই সুৰুঙাইদি গৈ থাক। যাওঁতে বাটত কিছুমান সোণ—বুটলা ল’ৰা-ছোৱালী পাবি। তই সিহঁতৰ লগতে সোণ বুটলিব শিকিবি। যদি নোৱাৰ তেন্তে ঊষাৰাণীয়ে তোক আদৰি নল’ব আৰু মোৰ ওচৰলৈ পঠিয়াই দিব। তেতিয়া কিন্তু মোৰ তোক খোৱাত বাহিৰে উপায় নাথাকিব। গতিকে সাৱধানে আগবাঢ়। কথাবোৰ মনত ৰাখিবি। মই তোক ইয়াৰ পৰা নজৰ কৰি থাকিম। এতিয়া যা।”

 বল্টুৱে ভয়ে ভয়ে আগবাঢ়িল।

১০/ সুকোমল দেশৰ সাধু