পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
আৰু কৰি-মেলি। ইয়াৰে এটাও অৱহেলা কৰিলে জীৱনটোৱে অ-সফল। এই অ-সফল জীৱন নিজৰ বাবেতো বোজাই, আনৰ বাবেও বোজা।”

 বল্টুৱে তাক এইবাৰ ওভতাই ধৰিলে— “তইনো ইমান কথা জানিও আন্ধাৰত থাকিলি কিয়? তইও কাৰোবাৰ বোজা আছিলি নেকি?”

 এনে এটা প্ৰশ্ন সুধিব বুলি দৈত্যই কল্পনাও কৰা নাছিল। সি বল্টুলৈ কিছুসময় থৰ লাগি চাই থাকিল। তাৰ পিছত মাটিত বহি পৰি হুক্-হুকাই কান্দিব ধৰিলে। বল্টু আচৰিত হৈ গ'ল। তাৰো মনটো বেয়া লাগিল। সি দৈত্যৰ ওচৰলৈ গ'ল আৰু মৰম সনা মাতেৰে ক'লে— “মই জানিবলৈহে তোক সুধিছোঁ অ’!তোক দুখ দিবলৈ নহয়। কি হৈছে, কচোন।”

 দৈত্যই লাহে লাহে মূৰটো তুলি বল্টুলৈ চালে। তাৰপিছত মোনাৰ পৰা এখন পুথি উলিয়াই দি ক'লে— “হ’, এই কাহিনীটো পঢ়।”

 বল্টুৱে পঢ়িবলৈ ধৰিলে।

সুকোমল দেশৰ সাধু / ৯