পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
 দৈত্য— “মই তোৰ পাঠ-চাঠ, মাষ্টৰ-ফাষ্টৰ নুবুজো। ক', মই নিষ্কৰ্মা ভূতে লম্ভিলে কি হয়?”

 বল্টুৱে ভাবিছিল সি এইবুলি ক’ব— “মোৰ দৰে ল’ৰাবোৰক ধৰি ধৰি খাৱ।” – কিন্তু সি নক'লে।

 দৈত্যই ক’লে— “শুন, মূৰ্খ অকামিলা হয়; লোকৰ ওচৰত হাত পতা হয়; অবাবত সময় কটায়, ঘৰৰ আৰু ওচৰ চুবুৰীয়াৰ গলগ্ৰহ হয়। আৰু শুন, মোৰ দৰে চিৰদিন আন্ধাৰত থাকিব লগা হয়।”

 বল্টু— “তই য’তে ইচ্ছা ত’তে থাক। কিন্তু মোক যাবলৈ দে।”

 দৈত্য— “ওহো, মোৰ পৰীক্ষাত পাছ নকৰাকৈ তই যাব নোৱাৰ।”

 বল্টু— “কিন্তু মোৰ দোষ কি?”

 দৈত্য– “দেখাত তই ভালেই। পঢ়া-পাতিও কৰ, স্কুললৈও যাৱ। তাকেই তই বহুত বুলি ভাবিছ। নিজৰ দোষ কোনোবাই দেখে নেকি? তইও দেখা নাই। তোৰ সেইটোৱে দোষ।”

 বল্টু— “কথা খুলি ক'। মই তোৰ দৰে চেলবেলাই থাকিব নোৱাৰোঁ।”

 এইবাৰ দৈত্যই আকৌ ঢেক্‌ঢেকাই হাঁহিবলৈ ধৰিলে। হাঁহি হাঁহি সি দুপাক ঘূৰিল। তাৰ পিছত ক’লে— “বল্টু, তই যে একো নাজান মই বুজিলোঁ। অৱশ্যে তই নিজকে বুদ্ধিমান আৰু সৎকৰ্মী বুলি ভাব। নহ'লেনো দেউতাৰৰ লগতে জেদ পাতনে? – শুন বুৰ্বক! মানুহ সৎকৰ্মী, সৎ-সাহসী আৰু সৎ-বুদ্ধিমান হ'ব লাগিলে তিনিটা গুণৰ প্ৰয়োজন : বুদ্ধি, সাহস আৰু অনুৰাগ।”

৬/ সুকোমল দেশৰ সাধু