পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

“ফাল্টু কথা ফাল্টু কাম
কৰ বল্টু তই
আন্ধাৰেৰে তোক আৱৰি ৰাখিম
তিমিৰ নিশা মই।”

 বল্টুৱে এইবাৰ বুকুখন অলপ ডাঠ কৰি লৈ সুধিলে– “কোন তই?”

 “মই ঘোপমৰা এন্ধাৰৰ ৰজা। নিষ্কৰ্মা নাম মোৰ। নিষ্কৰ্মা ল'ৰা-ছোৱালীবোৰ ধৰি আনি মইয়েই সিহঁতক এন্ধাৰৰ ভূত কৰি ৰাখোঁ।”— এইবুলি দৈত্যই তাৰ লগত থকা ভূতবোৰক দেখুৱাই দিলে।

 বল্টুৱে ক'লে— “মোক যাবলৈ দে। মই নিষ্কৰ্মা নহয়।”

 “ওহো, বিচাৰ নোহোৱাকৈ তোক যাবলৈ দিয়া নহয়।”—দৈত্যই গলগলীয়া মাতেৰে ক'লে।

 বল্টু—– “কিহৰ বিচাৰ?”

 দৈত্য— “তোৰ অকৰ্ম্মণ্যতাৰ বিচাৰ। তই ভাবিছ তই বহুত কৰ্মী, বহুত বুদ্ধিমান। তাৰেই বিচাৰ কৰিব আমাৰ ৰাণীয়ে। এতিয়া তই আমাৰ বন্দী।”

 বল্টু— “তোৰ ৰাণী ক’ত?”

 দৈত্য— “সুকোমল দেশত।”

 বল্টু— “এইখননো আকৌ কি দেশ?”

 দৈত্য— “সাংঘাতিক দেশ, কঠিন দেশ। নিষ্কৰ্মা মানুহক আমি ইয়াত প্ৰথমে পৰীক্ষা কৰোঁ। পৰীক্ষাত পাছ কৰিলেহে ৰাণীৰ ওচৰলৈ নিয়া হয়। নহ'লে আমিয়েই খাই পেলাওঁ। এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ দে।”

 বল্টু— “তই কিবা মোৰ মাষ্টৰ নেকি? আমাৰ মাষ্টৰে পাঠ পঢ়াইহে প্ৰশ্ন কৰে। তইচোন এনেয়ে কৰিব ওলাইছ।”

সুকোমল দেশৰ সাধু /৫