পৃষ্ঠা:সীতা হৰণ.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সীতা হৰণ নাটক


তাৰো আশা নায়। এঃ! তালৈকো আমুকীৰ ভয়নে? যি কেটা ফুল তুলিছোঁ তাৰেই এধাৰ মালাগাঁঠি হাতত লওঁ! আৰু এইটো ৰূপ এৰি সুন্দৰীৰ ৰূপ ধৰোঁ তেতিয়া এটা নহয় এটা মোৰ ৰূপৰ ফান্দত পৰিবই পৰিব! এতিয়া আৰু বেলি কৰাৰ সকাম নাই। বেগেতে যাওঁ।

(সেই ফালৰ পৰা যায় ও আন ফালৰ পৰা হাতত ফুলৰ মালালৈ সুন্দৰীৰ বেশ ধৰি ৰামৰ আগলৈ গই)

শূৰ্প— হে বনবাসি!
কোন তোমাসব,
দেৱতা গন্ধৰ্ব্ব কিম্বা নৰ—
কৰিছা বনত বাস ছদ্ম ৰূপ ধৰি?
বনবিহাৰিণী ময়,
সততে ফুৰিছোঁ বনে বনে—
কিন্তু এনে লোক
নাই দেখা বনৰ মাজত।
নেজানানে ৰাক্ষসৰ পঞ্চৱতী ইটো?
দেখে যদি নিশাচৰে
ততালিকে কৰিব ভক্ষণ।
নাইনে প্ৰাণৰ ভয় মনত সমুলি?