এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সীতা হৰণ নাটক
কোৱাঁ লঙ্কাপতি!
যদি মৰোঁ ৰামৰ শৰত
কোনে খাব অৰ্দ্ধৰাজ্য;
কোন হ’ব অৰ্দ্ধেশ্বৰ—
নেপাওঁ বিচাৰি দেখোঁ সেইজন ময়!
ৰাৱণ— মামা!
থাকোতে সহায় দশানন;
কোনে কৰে তোমাৰ বিনাশ?
নকৰা সন্দেহ তুমি,
যদি আছে দেবী কৃপা অধীনৰ প্ৰতি
বিনাকষ্টে হ’ব লাভ বাঞ্চিত ৰতণ।
(গীত)
জয় জয় দূৰ্গা দুৰ্গতি নাশিনী;
জয় জয় তাৰা ত্ৰিতাপ হাৰিণী।
তোমাৰ প্ৰসাদে; যেন অপ্ৰমাদে
জানকী হৰিব পাৰোঁ নাৰায়ণী॥
বাঞ্চা সিদ্ধি দাত্ৰি; তুমি হৈমৱতী
দাসে দয়া কৰা দনুজ দলনী।
ত্ৰিলোক তাৰিণী; গণেশ জননী ,
চৰণে মিনতি কৰোঁ কাত্যায়ণী॥