এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সীতা হৰণ নাটক।
বেয়া দেখিলে ঐ! যেয়ে দেখেসেয়ে দেখোন মোক
ফিচিঙ্গা ফিচিঙ্গী খন কৰে। মোৰ নো কি কপাল!
ইমান শুৱনি হৈয়ো যে কাৰো আগত শুৱনি বোলাব
নোৱাৰিলোঁ। এইবোৰ দুখ বেজাৰতে সোণৰ
লঙ্কালৈ পিঠি-দি এই নিজান বনত সোমালোহি,
অভাগীৰ কপালেৰে ইয়াতো যে বিধি পথালি! মোৰ
কপালতনো অকণো সুখ নেলেখিলে নে? প্ৰভো!
তোমাৰ চৰণত নো দাসীয়ে কি মহা অপৰাধ কৰি-
ছিলো; সেই দোষতে এনে নকৰিব লগা গতি
কৰিলা? বিধতা! যদি তোমাৰ মনত এনেকুৱা ভাব
আছিল; তেনে সৰুতে মাৰি নিনিলা কিয়? এতিয়া
ময়নো খাঁড়ীনাকী হৈ লঙ্কাত কি লাজেৰে মুখ উলি
য়ামগৈ। হে প্ৰভো! মোৰ নো কি গতি হ’ব?
(কান্দে ও শোৱে)
পট ক্ষেপণ।
⸻০⸻