এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰাম— | গুৰুদেৱ! |
বশিষ্ঠ— | ৰাম, স্থিৰ ভাবে ভাবি চোৱা। |
ৰাম— | মোক ক্ষমা—মাৰ্জ্জনা—(হঠাতে) গুৰুদেৱ, গুৰুদেৱ,
(প্ৰহৰীক) প্ৰহৰী, দেৱ লক্ষ্মণ। (বশিষ্ঠক) আপুনি যজ্ঞৰ নিমিত্তে প্ৰস্তুত হওকগৈ দেৱ। |
বশিষ্ঠ— | মোৰ আশীৰ্ব্বাদ গ্ৰহণ কৰাঁ। (প্ৰস্থান) |
(লক্ষ্মণৰ প্ৰবেশ)
লক্ষ্মণ— | প্ৰভু! |
ৰাম— | লক্ষ্মণ, লক্ষ্মণ,
|
লক্ষ্মণ— | প্ৰভু, জানকীৰ অবিহনে— |
ৰাম— | জানকীৰ অবিহনেও যজ্ঞ হ’ব। দ্বিতীয়বাৰ মই সংসাৰী হ’ম। |
লক্ষ্মণ— | প্ৰভু! |
ৰাম— | বিস্ময়ৰ কোনো হেতু নাই
ৰাম হ’ব পুনৰ সংসাৰী। |