এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বিতীয় অঙ্ক
১ম দৃশ্য—ৰাজ-ভৱনৰ কক্ষ

(ৰাম আৰু দুৰ্ম্মুখ)

ৰাম— প্ৰজা পীড়িত, ৰাজ্যত অশান্তি, চৌদিশে অমঙ্গল? কিন্তু দুৰ্ম্মুখ,কিয়? এতিয়া আৰু শূদ্ৰকে ব্ৰহ্ম উপাসনা নকৰে, কলঙ্কিনী সীতা নাই, তথাপিও প্ৰজাৰ, ৰাজ্যৰ শান্তি নাই কিয়?
দুৰ্ম্মুখ— প্ৰভু—
ৰাম— যোৱাঁ দুৰ্ম্মুখ, এতিয়া মোৰ বিশ্ৰামৰ সময়।
দুৰ্ম্মুখ— —প্ৰভু প্ৰজাৰ—
ৰাম— যোৱাঁ দুৰ্ম্মুখ। প্ৰজাৰ হিত চিন্তা কৰি, প্ৰজাৰ কল্যাণ কামনা কৰি এতিয়া ক্লান্ত মই; বিশ্ৰামৰ প্ৰয়োজন। পাচত ৰামে গভীৰ চিন্তা কৰি চাব, আকৌ কোন নিৰপৰাধীক হত্যা কৰি, কোন সন্তান-সম্ভবা অৱলা সতীক কলঙ্কিনী বুলি নিৰ্ব্বাসীতা কৰি, প্ৰজাৰ সুখ শান্তি পুনৰ ঘূৰাই আনিব পাৰি —এতিয়া নহয়।
দুৰ্ম্মুখ— জানকী মাতৃৰ বাবে প্ৰজা অনুতপ্ত প্ৰভু।
ৰাম— প্ৰজা অনুতপ্ত? হাঃ হাঃ হাঃ প্ৰজাৰ পৰম অনুগ্ৰহ! জানকী অতি ভাগ্যৱতী! যোৱা দুৰ্ম্মখ, যোৱাঁ যোৱা, মোৰ বিশ্ৰামত, মোৰ ধ্যানত ব্যাঘাত নজন্মাবা।
দুৰ্ম্মুখ— যিবা আজ্ঞা প্ৰভু। (প্ৰস্থান)