এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
[ ১ম অ ৪ৰ্থ দৃ
সীতা


সীতা— কি কৈছা তুমি?
লক্ষ্মণ— চিন্তা কৰি ৰঘুনাথে,

বিধানিছে সীতা নিৰ্ব্বাসন।

সীতা— মিছা কথা।
লক্ষ্মণ— তুমি মাতৃ মোৰ, কৰিবা প্ৰত্যয়

অযোধ্যাই আজি আৰু নিচিনে তোমাক।

সীতা— ৰঘুনাথে সঁচাকৈয়ে মোক নিৰ্ব্বাসন দিছেনে? কিয়?
লক্ষ্মণ— প্ৰজাৰ তুষ্টিৰ হেতু।
সীতা— অযোধ্যাৰ প্ৰজাই জানো মোক বেয়া পায়?
লক্ষ্মণ— নুসুধিবা, নুসুধিবা দেবি

ধৰো চৰণত—

সীতা— কোৱাঁ, ক’ব লাগিব। মোক অবজ্ঞা নকৰিবাঁ লক্ষ্মণ।
লক্ষ্মণ— বন্দিনী থকাৰ হেতু ৰাৱণ-পুৰীত

তুমি—তুমি—বোলে⸺

সীতা— কোৱাঁ।
লক্ষ্মণ— তুমি—তুমি—বোলে বিমলিনা সতি।
সীতা— মই—উঃ— (মূৰ্চ্ছা যায়)
লক্ষ্মণ— বিস্তৃতিতে লভা শান্তি দেবি,

মাগিছো বিদায়।
চেতনা লভিলে সতি,
লক্ষ্মণকে দিবাঁ অভিশাপ,
ক্ষমা দিবাঁ পতি শ্ৰীৰামক।

( প্ৰস্থান )