পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
চতুৰ্থ সৰ্গ
 

পড়িল ৰথৰ জ্যোতি জলধিৰ জলে
উজলি উদক ৰাশি; উৎকণ্ঠিত ভয়ে
কুম্ভীৰ হাঙ্গৰ নক্ৰ যত জলচৰ।
ডুবিল অতল তলে। দেখি ৰথ গতি,
পত্ৰৰথ দল ত্ৰাসে কোলাহল কৰি
পলাল চৌদিশে উডি। উতৰি অৰ্ণব
লঙ্কাপতি চলি গৈলা, মন্ত্ৰণা-নিপুণ
মাৰীচ, যিবনে বসি,--দ্বেষ হিংসা আদি
পূৰ্ব্ব আচৰণ এৰি—, তপ-ব্ৰতে ব্ৰতী।
আচম্বিত আগমনে লঙ্কাধিপতিৰ
চমকিলা বৃদ্ধ ৰক্ষ; দৰশিলা সঙ্গে
অঙ্গহীনা শূৰ্পনখা, বীভৎস মূৰতি—।
আথে বেথে উঠি শীঘ্ৰে অশ্ৰপ-তাপস
অভ্যৰ্থি পুষ্পকৰথী নৰাশন-নাথে
দানিলা আসন। “পাত্ৰ, নাহি প্ৰয়োজন
আসনে”; কহিলা শূৰ সুৰপুৰ-ৰিপু,
“নোহে বসিবৰ কাল। ক্ৰোধে দুঃখে আজি
আকুল পৰাণ মোৰ। দেখা, মিত্ৰবৰ!
শূৰ্পনখা সোদৰীৰ কিৰূপ দুৰ্গতি।
শুনিলো কৰিছে বাস পঞ্চবটী বনে
শ্ৰীৰাম লক্ষ্মণ নামে দ্বি নৰ-তপস্বী


 পত্ৰৰথ—পক্ষী। অভ্যৰ্থি—অভ্যৰ্থনা কৰি। নৰাশন—ৰাক্ষস।