পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
চতুৰ্থ সৰ্গ
 

কিমতে হুইব লাভ ভাবে ৰক্ষপতি।
বিষাদ, হৰিষ, উভে উদিল অন্তৰে।
ৰাজাৰ; বিষাদ—ৰাজ-ভগ্নী অঙ্গহীনা—;
হৰিষ,—জানকী লাভ আশা অঙ্কুৰিতা—
শত্ৰু দণ্ড, ৰত্নলাভ, এককালে দুই
কিমতে সাধিব কাৰ্য্য ভাবি লঙ্কেশ্বৰ
স্থিৰিলা কৰিবে ছলে বৈদেহী হৰণ।
এক কাৰ্য্যে দুই ফল; হৰণে,—ৰমণী
ৰত্নলাভ—; সেহি ৰত্ন বিৰহে বিপক্ষ
মৰিব বিষাদে কান্দি—দণ্ড সমুচিত—।
 অনন্তৰে ৰথ আনি যোগালে সাৰথি।
সুউচ্চ বিমান,—যথা উচ্চ শৃঙ্গধৰ—,
কনকৰ পুষ্প পুঞ্জে ভূষিত; ‘পুষ্পক’
সিকাৰণে নাম তাৰ। অভ্ৰভেদী চূড়
চন্দ্ৰচূড়-শালাকৃতি, দিছে পৰিচয়
ত্ৰিশূলী-ভক্তৰ ৰথ বুলি মৰামৰে।।
দ্বীপ্তিময় চাৰি চক্ৰ; চাৰি পৰিধিত
ৰাখিছে অণুভা-বিভা যেন সুকৌশলে
স্থিৰ কৰি। শ্বেতবৰ্ণ চাৰি তুৰঙ্গম


 উভে—উভৰে। শৃঙ্গধৰ—পৰ্বত। অভ্ৰভেদী....মৰামৰে।’— মহাদেবৰ ত্ৰিশূলৰ আকৃতি গগণভেদী ধ্বজে, মহাদেবৰ ভক্ত ৰাৱণৰ ৰথ বুলি দেবতা আৰু নৰক পৰিচয় দিছে। অণুভা—বিজুলী।