পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
তৃতীয় সৰ্গ
 

এৰিলা ঐহিক দেহ; একে একে পড়ি
শুইলা সমৰ স্থলে। বাজিল আকাশে
দেববাদ্য ৰাম জয়ে; পুষ্প বৰিষণ
কৰিলা আনন্দে সুৰ নৰ-শূৰ শিৰে;
মুদিলোঁ লাজত আখি অৰিৰ আনন্দে।”
 শুনি শূৰ্পনখা বাণী, আলক্তিয়া আখি
গৰ্জ্জিলা ৰাৱণ কোপে, “কি কহিলি ভনি!
ৰক্ষকুল ক্ষয় দেখি আদিতেয়গণ,
শৃগাল পালৰ সম, দিলে হুৱা ধ্বনি
উল্লাসে? বজালে বাদ্য ৰক্ষোৰিপু জয়ে?
দেখিবোঁ দেবতা সবে, দেখিবোঁ বাসবে।
মেঘনাদ সহ ৰণে মেষপাল যেন
পলাল সবেও; লাজ নহল। ইবাৰ
সুৰৰ সুৰস ৰক্ত শুষি অস্ত্ৰানলে
খণ্ডাইবোঁ তেজ; লণ্ডি ভণ্ডি সুৰপুৰী,
অবৰোধে অবৰুদ্ধ কৰিবো সবাক;
খটাবোঁ কিঙ্কৰবৎ স্বৰ্ণ লঙ্কাধামে।
আৰু ই প্ৰতিজ্ঞা,—দিবোঁ আনিয়া লঙ্কাত
দাসী কৰি দেবেন্দ্ৰাণী দৰ্ব্বেন্দ্ৰাণী পদে।


 আদিতেয়গণ—অদিতিৰ পুত্ৰ বিলাক, অৰ্থাৎ দেবতা বিলাক।
 অবৰোধে—কাৰাগাৰে।
 দৰ্ব্বেন্দ্ৰাণী—(দৰ্ব্ব+ইন্দ্ৰাণী) ৰাক্ষসৰ ঈশ্বৰী, অৰ্থাৎ মন্দোদৰী