দেখিয়া মম্মথ ভ্ৰম, নয়ন কমল
হাসিছে কোমল দৃষ্টি; কুৰঙ্গিণীকুল
ঘুৰিছে কুটীৰ কাশে সি নেত্ৰ দৰ্শনে।
—কমলে কুসুম ৰাশি—, কমলিনী গলে
শোভে পুষ্প মালা পুঞ্জ। কপৌফুল লেড়ি
ৰঞ্জে ঘেড়ি কৃশোদৰী কৃশলা-বন্ধনে,
কাদম্বিনী শিৰে যথা ইন্দ্ৰ ধনু ভিৰি।
কণ্ঠ কণ্ঠকূনিকা; নিঃসৰে অমৃত,
কহে কথা যবে ধীৰি অমৃত-ভাষিণী;
সেহি সুধাপান লোভে উদে সুধাকৰ
নিত্য নিত্য নিশিকালে সুনীল অম্বৰে।
শুনিয়াছোঁ,—দেবকুলে পৰাৰবি ৰণে,
সুন্দ উপসুন্দ যবে দৈত্যকুলপতি
ৰসিলা বাসবাসনে; ভ্ৰাতৃভেদ হেতু,
(ভ্ৰাতৃভেদে মৃত্যু লেখা, বিধাতা বিধান),
নিৰমিলা বিশ্বকৰ্ম্মা তিলোত্তমা নামে
অপ্সৰী, লইয়া ৰূপ তিল তিল কৰি।
ৰূপ ৰাশি হন্তে যত পাইলা জগতে।
মাৰিলা দেবাৰি দ্বয় দ্বন্দি নিজে নিজে
মোহিত মোহিনীৰূপে; সেহি তিলোত্তমা
কণ্ঠকূনিকা—বীণা। কণ্ঠ কণ্ঠকূনিকা—কণ্ঠস্বৰ বীণাৰ দৰে। বাসবাসনে—ইন্দ্ৰৰ আসনত। দ্বন্দি—দ্বন্দ্ কৰি।