পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৸৹ ]

ৰচনা কৰি প্ৰকাশিত কৰিছিল। তেওঁৰ সেই নবীন বয়সত ‘সীতাহৰণ-কাব্য’ ৰচনাও আৰম্ভ হইছিল; এনে সময়তে ইং ১৮৮৮ চনত তেওঁ ‘চব-ডিপুটী কালেক্টৰ’ পদত নিযুক্ত হল। এই কাম পাই নানা ঠাইত ফুৰিব লগা হোৱাত, তেওঁৰ থান- থিতাপি নোহোৱাত পৰিল। তেওঁৰ পিতৃৰ তেৱেঁই একমাত্ৰ সন্তান; ১৮৯৩ চনত পিতৃ-বিয়োগ হোৱাত গৃহ-চিন্তাইও তেওঁক বেৰি ধৰিলে। গৃহ-দগ্ধ, গৃহ-চুৰি, দীৰ্ঘকাল বিষম জ্বৰ ভোগ, স্ত্ৰী-বিয়োগ প্ৰভৃতি সাংসাৰিক দুৰ্ঘটনাও ক্ৰমে ক্ৰমে তেওঁৰ ঘটিছিল। ইত্যাদি কাৰণত অনেককাল পূৰ্ব্বেই লেখিবলৈ আৰম্ভ কৰা এই সীতাহৰণ-কাব্যখনি ইমান বছৰ অসমাপ্ত হৈ আছিল। যাহোক কোনো কোনো বন্ধুৰ উৎসাহত গ্ৰন্থকাৰে কাব্যখনি লেখি এতিয়া সমাপ্ত কৰিলে, আৰু আমিও উদ্যোগ কৰি তাক প্ৰকাশ কৰি সহৃদয় পাঠক সকলৰ হাতত অৰ্পণ কৰিলোঁ।

ডিব্ৰুগড় সদৰ স্কুল,
শক ১৮২৪ ফাগুণ।
শিবনাথ ভট্টাচাৰ্য্য
প্ৰকাশক