নহলে কি ৰক্ষোবল দুৰ্ব্বলৰ বলে,
—দুৰ্বল মনুষ্য হাতে—যায় ৰসাতল
দণ্ডকে, দূষণ খৰ বীৰদ্বয় সহ?”
“কি কহিলি শূৰ্পনখা” উত্তৰিলা শূৰ,
“ধ্বংস ৰক্ষোবংশ বনে? কি কথা কহিলি,
সুদক্ষ দমক দ্বয় বলে মহাবলী
নিহত মানব হাতে? স্বপন সমান
এই বাৰ্ত্তা, ভগ্নি, তোৰ। মৃগেন্দ্ৰৰ দল,
মৃগেন্দ্ৰ পতিৰ সহ, যেন মৃগ হাতে
হাৰালে পৰাণ! বধ্য বধে বধকাৰী!
শুনাইলি অলৌকিক কাহিনী যে আজি।”
বিস্ময়ে হইলা স্তব্ধ ৰক্ষকুল-নিধি।
উত্তৰিলা সহোদৰা, “নিশিৰ স্বপন।
নোহে ইটো বাৰ্ত্তা মোৰ; কিম্বা উন্মাদিনী
হইয়া উন্মাদ বাক্য নাভাষিছোঁ আমি;
কহিছে ঘটনা যিটো ঘটিছে প্ৰকৃতে।
ত্ৰিজগত-জয়ী বীৰ! ত্ৰিজগত জয়ি,
লভিয়া অতুল কীৰ্ত্তি, বিপুল বিভৱ,
পাসৰিলা ৰাজ কাৰ্য্য। ডুবিয়াছা সুখে
দমক—শাসনকৰ্ত্তা। বধ্য বধে বধকাৰী—বধ্যই বধকাৰীক বধ কৰে। “ত্ৰিজগত জয়ী বীৰ! ত্ৰিজগত জয়ি’—হে ত্ৰিজগত জয়ী বীৰ তুমি ত্ৰিজগত জয় কৰি।