পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
সীতাহৰণ-কাব্য

ভষ্মে সৰ্ব্বভূক্‌ যথা; কাদম্বে অশনি,
(মৃত্যু পৰশনে যাৰ); পতালে অনন্ত
বিষধৰ যথা; কিম্বা বিষধৰ-ধাৰী।
বৃষভ-বাহন যথা কৈলাস অচলে;
আমি তথা দশগ্ৰীব কালান্তক কাল;
সুৰ-ত্ৰাস হলাহল হৈম লঙ্কাপুৰে।
বিৰোধিলে মোৰ সহ কোন মুঢ়মতি?”
কহোঁতে কহোঁতে কথা ক্ৰুদ্ধ লঙ্কেশ্বৰ;
শৰীৰে উষ্ণিল তেজ; নিৰ্ব্বাপিত যেন,
জ্বলিল পাবক-শিখা দপ্‌ দপ্ কৰি;
লোহিত বিংশাক্ষ মুহুঃ দশাশ্যে ঘূৰিল।
 আৰম্ভিলা ৰক্ষোবালা, “কি কৰো দুৰ্দ্দশা
বিধি বাম ৰক্ষকুলে; নিৰ্ম্মূল সমূলে
সুবিখ্যাত বংশ তব দণ্ডক কাননে।
বৃথায় শঙ্কৰপদ পূজা নিৰন্তৰ
শঙ্কৰ-কিঙ্কৰ বীৰ। তব আৰাধনা,
—আকাঙিক্ষ অভয়—, বৃথা অভয়া-চৰণে
নিত্য নীলোৎপল দানে। ভাণ্ডে ভ্ৰাতৃবৰ।
কেৱল কৃত্ৰিম স্নেহে উমা উমাপতি।


 কাদম্ব—মেঘ। বিষধৰ-ধাৰী—সৰ্পধাৰী মহাদেব।
 বৃষভ-বাহন—বৃষভ যাৰ বাহন, অৰ্থাৎ মহাদেব।
 হলাহল—বিষ। পাবক—অগ্নি।