পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
সীতাহৰণ-কাব্য
 

তিতিল, ভেদিয়া বস্ত্ৰ উদিল সুপ্ৰভা।
হাসিলা ৰাঘব মৃদু; কহিলা মৰমি
বনিতা-চিবুক ধৰি, “যন্ত্ৰণা আমাৰ
দেখি তব ইন্দু মুখ, ইন্দু নিভাননি!
দূৰিল; থাকে কি কষ্ট অমৃত মিলনে?”
মছিলা নয়ন-নীৰ নৃপকূল-নিধি
প্ৰিয়াৰ; হাসিলা হৰ্ষে সীতা সুহাসিনী;
মছিলে উদিয়া ৰবি নিশিৰ নিয়ৰ
সবোজিনী নেত্ৰে, যথ। হাসে সৰোজিনী।
 লভিলা দণ্ডকবাসী ৰাক্ষস-সমূহ।
সংহাৰ সংগ্ৰামে ঘোৰ, দেখি শূৰ্পনখী
মানিলা অদ্ভুত অতি,—স্বপন সমান—।
দিবে বাৰ্ত্তা লঙ্কাপুৰে,—পাইলে বিনাশ
ৰাক্ষস তপস্বী কৰে, ভক্ষক ভক্ষৰ,
সৰ্প যেন ভেকগ্ৰাসে—, অদ্ভুত কাহিনী
কহিবে ৰাৱণে, দুষ্টা আলোচিলা মনে।
দণ্ডকৰ চতুৰ্দশ সহস্ৰ ৰাক্ষক
নিপাতি আপোন দোষে, বিধ্বংসিবে পাছে
লঙ্কাৰ ৰাক্ষস-বংশ অজেয় জগতে,
শূৰ্পনখা শূন্যভৰে,—যথা বৈনতেয়


 মৰমি—মৰম (স্নেহ ) কৰি। চিবুক—ঠুঁটৰি। বৈনতেয়—বিনতাৰ পুত্ৰ, গৰুড়।