পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
সীতাহৰণ-কাব্য
 

শুনি দেব-বাণী বীৰ যুৰি দুই কৰ
উত্তৰিলা উৰ্দ্ধমুখে নিৰীক্ষণ কৰি
অন্তৰীক্ষে, “হে দেবতা অন্তৰীক্ষবাসী,
ক্ষুদ্ৰ ৰাম নোহে তুল অতুল সংগ্ৰামে
ৰাক্ষসৰ; তুমি সব দীনে অনুকূল,
সেহি হেতু জয়ী দাস ঘোৰ ৰক্ষোৰণে।
ধৰে ভৃত্য শিৰ নমি দেব-আশীৰ্ব্বাদ।”
বাজিল দুন্দুভি ঢাক কুৰুলি দগৰ
শঙ্খ ঘণ্টা কৰতাল দেববাদ্যগণ;
নাচিলা অপ্সৰী ৰঙ্গে; ৰাঘবৰ শিৰে
বৰ্ষিলা ত্ৰিদিববাসী পুষ্প ৰাশি ৰাশি।
চলিলা গৃহাভিমুখে ৰঘুকুল-কৰী
ধৰি ধীৰগতি, যথা ধীৰ গজপতি।
 কুটীৰে মূৰ্চ্ছিতা সীতা। সেনা কলকলি,
অস্ত্ৰাৱলী ঝন্‌ঝনি, অৰি বাদ্য নাদ
অদূৰে সমৰস্থলে, পশিল শ্ৰৱণে
জানকীৰ। মেঘনাদ জিনি ৰাক্ষসৰ
আতাহ আহবে অতি শ্ৰুতি ভয়ঙ্কৰ
বধিৰিলে সতী-শ্ৰুতি; নেত্ৰ ঝলসিলে
তেজোময় অস্ত্ৰ-প্ৰভা, ক্ষণপ্ৰভা সম।


 নিৰীক্ষণ—দৰ্শন। অন্তৰীক্ষ—শূন্য, আকাশ। অনুকুল—সদয়। ত্ৰিদিব—স্বৰ্গ। বধিৰিলে—কলা কৰিলে। ক্ষণপ্ৰভা—বিদ্যুৎ।