পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
দ্বিতীয় সৰ্গ

ৰাক্ষস বিক্ৰম; বাণে ভেদিলা ৰক্ষৰ
ধাবমান বক্ষঃস্থল; গিৰিচূড়া সম
পড়িলা ভূতলে অৰি কৰি আৰ্ত্তনাদ।
কঁপি গল ধৰাধৰ ধৰণী সাগৰ।
উড়িল পৰাণ বায়ু; শৱে পৰিণত
হল বীৰেশ্বৰ খৰ,—মূহুৰ্ত্ত আগেয়ে
যুজিছিলে যেহি বলী, তেজে বৈশ্বানৰ।
নুমাল ৰাক্ষস-শিখা; দণ্ডক কানন
নৰাস্ত্ৰে অখৰ হল; পাতলিল ধৰা।
 নিৰ্বিঘ্ন দণ্ডকবন এতকাল পৰে।
বিষ্ণু অংশে অবতীৰ্ণ ৰাম ৰঘুমণি
বিধ্বংশ ৰাক্ষস-বংশ কৰিলা ক্ষণকে
দণ্ডকে। দেবতাগণ,—দেব-ৰিপুদল
দলিত দেখিয়া—, হৰ্ষে প্ৰশংসি ৰাঘবে,
শুনাইলা দেব-বাণী, “ধন্য মহামতি!
ৰবিকুলে পদ্ম তুমি ৰক্ষ-হুতাশন;
সাধিলা সুৰৰ শুভ, সুৰগণ-অৰি
বিনাশি কৰ্ব্বুৰ দলে। বৈদেহী-বিলাসী!
আশিসে ত্ৰিদিববাসী তোমাক উল্লাসে।”


 ‘বাণে ভেদিলা....বক্ষস্থল’—ধাবমান ৰক্ষৰ বক্ষঃস্থল বাণেৰে ভেদ কৰিলো। ‘সুৰগণ-অৰি বিনাশি কৰ্বৰ দলে’—সুৰগণ-অৰি কৰ্ব্বুৰ দলক বিনাশ কৰি। আশিসে—আশীৰ্ব্বাদ কৰে।