পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
দ্বিতীয় সৰ্গ
 

আছিল উচিত কৰা ৰণযাত্ৰা আজি
ভাবি ভাবি-ফলাফল। ৰক্ষ-ক্ষয়কাৰী
বৈৰী মোক নিচিনিলি; তুচ্ছিলি দুৰ্ম্মতি!
এই যে দেখিছ তূণ পৃষ্ঠদেশে মোৰ,
অক্ষয়; অসংখ্য অস্ত্ৰ কৰিয়াছোঁ ব্যয়,
অব্যয় তথাপি তূণ; পূৰ্ণ শৰজালে।
পাইছ অন্তৰে ভয়; ইচ্ছা যদি থাকে
ৰণভঙ্গ দিয়া ভীৰু যাহ পলাইয়া
ৰাখি প্ৰাণ; পলাতকে নবধে ৰাঘবে।”
নৰ-ত্ৰাস খৰ, নৰপুঙ্গৰ বচনে,
পালে ত্ৰাস; কিন্তু লজ্জাবশে বীৰবৰ
উত্তৰিলা দম্ভ কৰি, “নডৰে মৰণ
ৰক্ষকুলোদ্ভব এই ৰক্ষকুলপতি।
এই ৰণস্থলে খৰ কৰিব শয়ন
হৃষ্টচিতে; অৰি ভিতে সমৰে তথাপি
নকৰিব, সীতা-প্ৰিয়, পৃষ্ঠ প্ৰদৰ্শন।”
 এত কহি সুবিক্ৰমে বীৰ ধুৰন্ধৰ
ধৰিলা ধনুক ক্ৰোধে; পুঞ্জ পুঞ্জ শৰ
কৰিলা বৰ্ষণ ক্ষণে ঢাকিয়া গগণ।
শীঘ্ৰ হস্তে তীক্ষ্নতেজী শৰগণ যুৰি
মাৰিলা ৰাঘব, যেন কৃষানুকলাপ


 কীলালপ—ৰাক্ষস। ধুৰন্ধৰ—শ্ৰেষ্ঠ।