পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সীতাহৰণ-কাব্য
 

বেগে বীৰতেজ তথা হল প্ৰধাৰিত
ব্যাপি বীৰ কলেবৰ। অৰিদল মাজে,
কৰী-অৰি-পৰাক্ৰমে পশিলা ৰাঘব
তাড়কাৰি; তাৰকাৰি সুৰ সেনাপতি
পশিলা বিক্ৰমে যথা অসুৰ-সংগ্ৰামে।
দেখিলা ৰাক্ষসগণ, আসে অগ্ৰসৰি
নৰ এক,—দিব্যৰূপ, মোহন মুৰতি—
ধৰি কৰে শৰাসন, তৃণ পৃষ্ঠভাগে।
ঘেড়িলা ৰাঘবে সবে ঘোৰ কলৰবে,
কৰি অৱহেলা মনে, ক্ষুদ্ৰ নৰ জ্ঞানে।
উলঙ্গিলা অসি কেহোঁ হুঙ্কাৰ কৰিয়া
কেহোঁ আস্ফালিলা শূল; ধৰি ভীম গদা
ভীমবলে, কোনো জন চলিলা গৰ্জ্জিয়া।
টকালিলা কোনো ৰক্ষ; মাৰিলা টিলিকি
কোনো; পকাইলা কেহোঁ সুঘোৰ নয়ন;
হাসিলা বা কোনো দুষ্ট দন্তুৰ, দশন .
কোৰ সম নিকটাই, খল খল কৰি;
ৰক্ষকুল কোলাহলে পূৰিল চৌদিক।
 অমূৰ্ত্তক চতুৰ্দ্দশ সহস্ৰ কটকে


 কৰী-অৰি—সিংহ। তাড়কাৰি—তাড়কাবধী, অৰ্থাৎ ৰাম।
 তাৰকাৰি—তাৰক অসুৰক বধকাৰী কাৰ্ত্তিক।
 দন্তুৰ—উচলা দঁতুৱা। অমূৰ্ত্তক—উন্মত্ত