পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
দ্বিতীয় সৰ্গ
 

“প্ৰাণেশ্বৰ, একেশ্বৰ ৰাত্ৰিমট মাজে
প্ৰবেশি কৰিবা যুদ্ধ; তৰঙ্গ-আকুল
অকূল অৰ্ণবে যেন এখানি তৰণী।
বহিবা ভাসিয়া তুমি; আৰু আমি দাসী
পদ প্ৰত্যাশিনী তব বহিবোঁ নিশ্চিন্তে
সুদূৰে,—আদেশ তব হেন, গুণমণি?
সূৰ্য্যকুলে সূৰ্য্য তুমি; সূৰ্য-কৰ-দানে।
উজ্জ্বল যি চন্দ্ৰ, মোৰ জন্ম তাৰ কুলে;
তুমি বিনে চন্দ্ৰকুল-সম্ভবা আমাৰ
আন্ধাৰ, হে দেব! আমি সূৰ্য্যমুখী ফুল,
সূৰ্য্য তুমি; বিমলিনা সূৰ্য্যৰ অভাবে
সূৰ্য্যমুখী, অবিদিত কাহাৰ জগতে?
নাযাইবে দূৰে, কান্ত, বহিবোঁ সমীপে
তোমাৰ; বহিবে এই কুটীৰ ভিতৰে।
বীৰকুল-ইভ নিভ সৌমিত্ৰি সুবাহু
হওক তোমাৰ সঙ্গী ই কাল সমৰে।”
 নীৰবিলা মধুস্বৰা। মধুবৰষিণী
সীতাক সমৰ্থি, শূৰ কহিলা সৌমিত্ৰি
সম্বোধি কৌশল্যা-ধনে, “বসুন্ধৰা-সুতা


 ৰাত্ৰিমট—ৰাক্ষস। ইত—হস্তী। নিভ—সদৃশ।
 বসুন্ধৰা-সুতা—মাটিৰ তলত অণ্ডৰূপে সীতাৰ জন্ম হেতু তেওঁক বসুন্ধৰাৰ কন্যা বোলা হইছে।