এই গ্ৰন্থৰ গ্ৰন্থকাৰ অনেক সুপৰিচিত; এতেকে তেওঁৰ পৰিচয় সম্বন্ধে কোনো কথা লেখা বাহুল্য মাত্ৰ। এই সীতাহৰণ কাব্যখনি সম্বন্ধে মাত্ৰ পাঠকবৰ্গৰ জ্ঞাতাৰ্থে অলপ কথা কব খুজিছোঁ।
গ্ৰন্থকাৰে এই কাব্যখনি বহু বছৰ পূৰ্বেই লেখিবলৈ আৰম্ভ কৰিছিল। বঙ্গীয় কবি ৺মধুসূদন দত্তই বাঙ্গালা ভাষাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰথম সৃষ্টি কৰে। তেওঁক অনুকৰণ কৰি আমাৰ গ্ৰন্থকাৰেও অসমীয়া ভাষাত উক্ত ছন্দত প্ৰথম কবিতা ৰচনা আৰম্ভ কৰে। সীতাহৰণ কাব্যও অমিত্ৰাক্ষৰ ছন্দত কেইপাতমান লেখি তেওঁ ‘আসাম-বিলাসিনী' পত্ৰিকাত প্ৰকাশ কৰিছিল। উক্ত পত্ৰিকাই অসমীয়া ভাষাত অমিল ছন্দৰ ৰচনা কিম্ভূত-কিমাকাৰ যেন ভাবি, আৰু গ্ৰন্থকাৰৰ 'ইটো’ 'সিটো’ ব্যৱহাৰ অশুদ্ধ বুলি ইতিকিং কৰিছিল। ‘বিলাসিনী’ৰ মতে ‘ইতো’ ‘সিতো’ হে শুদ্ধ। গ্ৰন্থকাৰে তেওঁৰ ‘চিন্তা-তৰঙ্গিণী' দ্বিতীয় ভাগত ‘ইটো' সিটো' শীৰ্ষক কবিতাটী কিয় লেখিছিল, বোধ কৰোঁ কোনেও বুজিব পৰা নাই। গ্ৰন্থকাৰে ‘ইটো’ ‘সিটো’ শব্দ ব্যৱহাৰ কৰাত আৰু অমিত্ৰাক্ষৰ ছন্দত কবিতা লিখাত ‘আসাম-বিলাসিনী’এ তীব্ৰ সমালোচনা কৰা দেখি, তেওঁ সেইটি লেখে। তলত কবিতাটী পাঠকবৰ্গে দেখিবৰ নিমিত্তে দিয়া হল।