অস্তাচল-চূড়াসনে। সূৰ্য্যপ্ৰাণা সতী
সূৰ্যমুখী, পতিমুখ ৰহিলা চাইয়া,
ভূতলে বিমৰ্ষমনে; সপত্নী নলিনী
হইলা মলিনা ধনী সৰসি-সলিলে।
লম্ফে জম্ফে ক্ৰীড়মান বৎসগণ সহ
গাভীদল ধীৰে ধীৰে গৃহ অভিমুখে,
চলিলা উড়াইয়া ধূলি। দেখিয়া গোধূলি,
উড়িলা বিহঙ্গকুল নিজ নিজ নীড়ে
পূৰি কলৰবে দিশ। শশাঙ্ক আসিয়া
শোভিলা অম্বৰ-ভালে; কামিনী কপালে
শোভয় তিলক যথা। শশাঙ্ক-বাসনা
সুহাসিনী কুমুদিনী হাসিল হৰষে।
হেনকালে মুক্তকেশী ধাবমানা ভীমা
শূৰ্পনখা, উপস্থিতা উধাতু খাইয়া
হলা আসি, পুনঃ খৰ দূষণ সমীপে।
শ্ৰমে শ্ৰান্ত কলেৱৰ; ঘন ৰয় শ্বাস;
অস্তাচল-চূড়াসনে—অস্তগিৰিৰ টিংৰূপ আসনত।
‘নৰপতি যথা.......চুড়াসনে’—ৰজাই আসনত বহোঁতে যেনেকৈ
মণিময় উজ্জ্বল কাপোৰ সামৰি বহে, সেইৰূপে সূৰ্য্যই অস্তগিৰিৰ চূড়াৰূপ
আসনত বহিবৰ সময়ত কিৰণমালা সামৰি বহিছিল।
সপত্নী—সতিনী। নীড়ে—বাঁহলৈ।
অম্বৰ-ভালে—আকাশৰ কপালত। শশাঙ্ক-বাসনা—চন্দ্ৰৰ প্ৰিয়া।