পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সীতাহৰণ-কাব্য
 

কৰে অপকৰ্ম্ম হেন; খাবোঁ মুণ্ড তাৰ।”
টকালি কহিলা কোনো, “ৰসাল ৰুধিব
নৰৰ কৰিবোঁ পান।” বোলে অন্য জনে
“লভিব চৈতন্য দুষ্ট দেখি চৌধ জন।”
বোলে আৰু জন, “কিবা গল পলাইয়া
পলাতক নৰ পশু, এৰি পঞ্চবটী;
নাপাওঁ নৃমাংস কিবা কৰিব ভক্ষণ।”
চলিলা ইৰূপে দম্ভি চৌধ নিশাচৰ।
 সভাতলে বলা বসি দুই ৰক্ষোবীৰ
ৰাজ-ভগ্নী দুৰগতি ভাবিয়া অন্তৰে
শোকত মলিন মুখ; বাহুৰ গৰাসে
মলিন শশাঙ্ক যথা; কিম্বা গিৰিপতি
উচ্চশিৰ, স্লান মুখ মেঘ আবৰণে।
“অহহ কি লাজ আজি!” কহিলা অগ্ৰজ
অগিৰ শিখৰ খৰ, “খ্যাত ৰক্ষকুলে
বহিল অখ্যাতি ভাই! ভুবন-বিজয়ী
সুৰ-নৰ-যক্ষ-শঙ্কা লঙ্কাৰ ৰাৱণ
বীৰেন্দ্ৰ,-দেবেন্দ্ৰ স্বৰ্গে অদেবেন্দ্ৰ দৰে,
ডৰি যাক, নতশিৰ; নতশিৰ যথা


 অগিৰ-ৰাক্ষস।
 দেবেন্দ্ৰ স্বৰ্গে.....যাক, নতশিৰ-স্বৰ্গত দেবেন্দ্ৰই যাক ডৰি অদেবেন্দ্ৰৰ দৰে নতশি।